নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনত ককা-আইতা দিৱস

🔹 উছৱমুখৰ পৰিবেশ, অশীতিপৰ আইতাৰ বিহুনাচৰ চমক

নিয়মীয়া বাৰ্তা, ১ জুনঃ ১ জুন তাৰিখটো ৰাজ্যত শংকৰদেৱ শিশু বিদ্যা নিকেতন পৰিয়ালে ককা-আইতা দিৱস হিচাপে উদযাপনৰ দিহা কৰিছে। সেইমৰ্মে নিকেতন পৰিয়ালত আজি সমাগম ঘটে ককা-আইতাহঁতৰ | নগৰবেৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনত পুৱাৰে পৰা দেখা গ’ল শিক্ষাৰ্থীসকলৰ ককা-আইতাহঁতক | জীৱনৰ বিয়লি বেলাত এনে আনুষ্ঠানিক সমাদৰ পাই সকলোৰে মন উগুল-থুগুল। আনকি অশীতিপৰ আইতাই মনৰ আনন্দত বিহুনাচো নাচিলে। নিকেতনৰ আচাৰ্য-আচাৰ্যা আৰু শিক্ষাৰ্থী সকলোৱে মিলি আথে-বেথে সভাস্থলীত বহিবলৈ দিয়ে ককা-আইতাহঁতক | কোনোৱে দিলে পৰামৰ্শ, কোনোৱে গালে আয়তী নাম।  আজিৰ এই বিশেষ দিনটোৰ বাবে মাতৃগোটৰ সতে মিলি আইতাই নাচিলে বিহুনাচ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like