হাৰ্দিকৰ নতুন লুক ভাইৰেল, আজি MI-GTৰ Do or Die মেচ
হাৰ্দিকৰ এই নতুন ৰূপটো মুম্বাই ইণ্ডিয়ানছৰ ছ’চিয়েল মিডিয়া পেজৰ পৰাও শ্বেয়াৰ কৰা হৈছে
হাৰ্দিকৰ নতুন লুক ভাইৰেল, আজি MI-GTৰ Do or Die মেচ
নিউজ ডেস্ক, ৩০ মে’ : আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্লে অফৰ দ্বিতীয়খন খেল। এই মেচখন হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজত। কিন্তু মেচখনৰ পূৰ্বে MIৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক বিশেষ ষ্টাইলত দেখা গৈছে। আই পি এল প্লে অফত টি-২০ বিশ্বকাপ ২০২৪ৰ ষ্টাইলত দেখা যাব হাৰ্দিক। হাৰ্দিকৰ এই নতুন ৰূপটো মুম্বাই ইণ্ডিয়ানছৰ ছ’চিয়েল মিডিয়া পেজৰ পৰাও শ্বেয়াৰ কৰা হৈছে।
HP33. In the spotlight. 👊💥#MumbaiIndians #PlayLikeMumbai #TATAIPL #GTvMI pic.twitter.com/c2isUPHgb8
— Mumbai Indians (@mipaltan) May 30, 2025
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ
হাৰ্দিক পাণ্ডিয়াৰ ক্লীন শ্বেভ লুক তেওঁৰ অনুৰাগীয়ে ভাল পাইছে। টি-২০ বিশ্বকাপত হাৰ্দিকে ভাল প্ৰদৰ্শন কৰিছিল আৰু সেই প্ৰতিযোগিতাত টীম ইণ্ডিয়াই জয়লাভ কৰিছিল। আজি হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত মুম্বাই ইণ্ডিয়ানছৰ দলে গুজৰাট টাইটানছৰ বিৰুদ্ধে এলিমিনেটৰ মেচ খেলিব। আজিৰ খেলখনত যি দলে জয়লাভ কৰে সেয়া দ্বিতীয় প্লে অফত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব।
মুম্বাই-গুজৰাটৰ মেচ- Do or Die
আজিৰ মুম্বাই আৰু গুজৰাটৰ মাজত যি দলে পৰাস্ত নহওক কিয়, আই পি এল ২০২৫ৰ ট্ৰফী জয়ৰ পৰা বঞ্চিত হ’ব। আনহাতে জয়ী হোৱা দলটোৱে ট্ৰফীৰ এখোজ ওচৰ চাপিব। এই এলিমিনেটৰ মেচখনৰ পাছত দ্বিতীয়খন কোৱালিফায়াৰত বিজয়ী দলটোৱে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব।
ফাইনেলত পোনপটীয়াকৈ আৰচিবি
প্ৰথমখন কোৱালিফায়াৰ মেচত জয়লাভ কৰি পোনপটীয়াকৈ আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দল। প্ৰথমখন কোৱালিফায়াৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান দখল কৰে। দ্বিতীয়খন কোৱালিফায়াৰ মেচ ১ জুনত অনুষ্ঠিত হ’ব, এই মেচত যিটো দলে জয়ী হ’ব সেয়া ৩ জুনত আৰচিবিৰ বিৰুদ্ধে চূড়ান্ত মেচ খেলিব।