আইপিএলৰ পৰা নাম প্রত্যাহাৰ হেৰী ব্রুকৰ
নিউজ ডেস্ক, ১১ মাৰ্চঃ চলিত বর্ষৰ আইপিএলৰ বৃহৎ নিলামৰ পূর্বে ক্রিকেট খেলুৱৈসকলক সকীয়াই দিছিল ভাৰতীয় ক্রিকেট ব’র্ডে৷ ঘোষণা কৰা হৈছিল যে আইপিএলত দল লাভ কৰি যদি কোনো খেলুৱৈয়ে নিজৰ নাম প্রত্যাহাৰ কৰে তেন্তে তেওঁক দুবছৰৰ বাবে নিষিদ্ধ কৰা হ’ব৷ ব’ৰ্ডৰ এই সতর্ক বাণীৰ পিছতো ইংলেণ্ডৰ তাৰকা বেটাৰ হেৰী ব্রুকে নাম প্রত্যাহাৰ কৰিলে আইপিএলৰ পৰা৷ প্রতিযোগিতাখনলৈ ১২ দিন বাকী থকা অৱস্থাত ব্রুকে খেলিব নোৱাৰিব বুলি ঘোষণা কৰে৷ ইয়াৰ ফলত তেওঁ শাস্তিৰ সন্মুখীন হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ইংলেণ্ডৰ ক্রিকেটাৰগৰাকীক দুবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিব পাৰে৷ ইংলেণ্ডৰ ক্রিকেটাৰগৰাকীয়ে কয় যে আগন্তুক দিনত তেওঁৰ আন্তঃৰাষ্ট্রীয় কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূর্ণ সময় আহি আছে৷ তাৰ আগতে তেওঁ নিজকে প্রস্তুত কৰিব বিচাৰে৷ সেইবাবেই আইপিএলত খেলিব নোৱাৰিব৷