ৰঞ্জি ট্রফীত নজিৰ গঢ়িলে অংশুল কম্বোজে
🔹 এটা ইনিংছত ১০টা উইকেট দখল
নিউজ ডেস্ক, ১৬ নৱেম্বৰ : সুদীর্ঘ ৩৯ বছৰৰ পিছত ৰঞ্জি ট্রফীত হাৰিয়ানাৰ তাৰকা পেচাৰ অংশুল কম্বোজে ৰচিলে অভিলেখ৷ চলিত ৰঞ্জি ট্রফীৰ ছিজনত কেৰালাৰ বিৰুদ্ধে এটা ইনিংছত ১০টাকৈ উইকেট দখল কৰি এক অনন্য কৃতিত্ব অর্জন কৰে খেলুৱৈগৰাকীয়ে৷ শুকুৰবাৰে লাহলিৰ চৌধুৰী বংশীলাল ক্রিকেট ষ্টেডিয়ামত কেৰালা আৰু হাৰিয়ানাৰ মাজৰ খেলখনত কম্বোজে অর্জন কৰে এই কৃতিত্ব৷ হাৰিয়ানাৰ অংশুল কম্বোজ ৰঞ্জি ট্ৰফীৰ ইতিহাসৰ তৃতীয়গৰাকী বলাৰ, যিয়ে এটা ইনিংছত ১০টাকৈ উইকেট দখল কৰে৷ ২৩ বছৰীয়া বলাৰগৰাকীয়ে ১০/৪৯ ৰানৰ আকর্ষণীয় স্পেলৰ সহায়ত কেৰালাৰ বেটিং মেৰুদণ্ড ভাঙি পেলায় আৰু কেৰালাক প্রথম ইনিংছত ২৯১ ৰানত সীমাবদ্ধ কৰি ৰাখে৷ উল্লেখ্য যে প্রেমাঞ্চু চেটার্জী আছিল ৰঞ্জি ট্ৰফীৰ ইতিহাসত এই কৃতিত্ব অর্জন কৰা প্রথমগৰাকী বলাৰ৷ তেওঁ ১৯৫৬–৫৭ বর্ষত বংগৰ হৈ এই অভিলেখ গঢ়িছিল৷ প্রেমাঞ্চুৰ পিছত ১৯৮৫–৮৬ ছিজনত বিদর্ভৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ৰাজস্থানৰ হৈ প্রদীপ সুন্দৰমে এটা ইনিংছত ১০টা উইকেট দখল কৰিছিল৷ সামগ্রিকভাৱে কম্বোজ হৈছে প্রথম শ্রেণীৰ ক্রিকেটত ১০টা উইকেট দখল কৰা ষষ্ঠগৰাকী ভাৰতীয় বলাৰ৷ এই তালিকাত অভিজ্ঞ লেগস্পিনাৰ অনিল কুম্বলে, সুভাষ গুপ্টে আৰু দেৱাশিস মহান্তি অন্তর্ভুক্ত আছে৷ উল্লেখ্য যে ৰঞ্জি ট্রফীত এটা ইনিংছত ১০টা উইকেট দখল কৰা বলাৰকেইজন হ’ল– প্রেমাঞ্চু চেটার্জী, বংগ বনাম অসম (১৯৫৬–৫৭), অংশুল কম্বোজ– হাৰিয়ানা বনাম কেৰালা (২০২৪–২৫) আৰু প্রদীপ সুন্দৰম–ৰাজস্থান বনাম বিদর্ভ (১৯৮৫–৮৬)৷