নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান গ্রাঁ প্রি প্রথম লেগ: ২০০ মিটাৰত হিমা দাসৰ স্বর্ণপদক

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: দেশৰ আগশাৰীৰ দৌৰবিদ তথা অসমকন্যা হিমা দাসে কেৰালাৰ থিৰুৱনন্তপুৰমত অনুষ্ঠিত ইণ্ডিয়ান গ্রাঁ প্রিৰ প্রথম লেগত দর্শনীয় প্রদর্শন দাঙি ধৰি সোণৰ পদক আঁজুৰি আনিছে৷ ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনৰ উদ্যোগত আজি অনুষ্ঠিত এই ইভেণ্টত হিমাই ২৩.৭৯ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ সম্পূর্ণ কৰি স্বর্ণপদক দখল কৰে৷ উল্লেখ্য যে ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনে মুঠ চাৰিখন ইণ্ডিয়ান গ্রাঁ প্রি এথলেটিক্ছ মীট অনুষ্ঠিত কৰিব৷ ইয়াৰে আজি প্রথমখন লেগ অনুষ্ঠিত হয়৷ দ্বিতীয় লেগৰ প্রতিযোগিতাখন অহা ২৭ মার্চত একে স্থানতে অনুষ্ঠিত হ’ব৷ আনহাতে, তৃতীয় আৰু চতুর্থ লেগৰ প্রতিযোগিতা অহা ২ আৰু ১০ এপ্রিলত ক্রমে বাংগালুৰু আৰু কর্ণাটকত অনুষ্ঠিত হ’ব৷ আজি অনুষ্ঠিত লেগৰ প্রথমটো ইভেণ্টতে সোণৰ পদক দখল কৰে অর্জুন হিমাদাসে৷ প্রথম লেগত মুঠ ১৮টা ইভেণ্ট অনুষ্ঠিত হ’ব৷ ইয়াৰে ১০টা ইভেণ্ট পুৰুষৰ আৰু ৮টা ইভেণ্ট মহিলাৰ৷ আঘাতজনিত সমস্যাৰ বাবে কিছুদিন ট্রেকৰ পৰা আঁতৰি থকা তথা মহিলাৰ ৪০০ মিটাৰত ৰাষ্ট্রীয় অভিলেখকাৰী হিমাই দীর্ঘদিন পিছত দৌৰত অংশগ্রহণ কৰিছে৷

You might also like