নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

 

 

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ::-কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত শিংৰা কলিতাপাৰাত দেওঁবাৰে এগৰাকী বোৱাৰীয়ে ৰহস্যজনক ভাবে মৃত্যুক আকোঁৱালি লয়। আজি বোৱাৰী গৰাকীৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। বোৱাৰী গৰাকীৰ পৰিয়ালে এই মৃত্যুক সহজভাৱে মানি লোৱা নাই। বোৱাৰী গৰাকীক হত্যা কৰি আত্মহননৰ পথ বাচি লোৱা বুলিহে দেখুৱাবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে, শিংৰা কলিতাপাৰা নিবাসী প্ৰণৱ কলিতাৰ পত্নী নমিতা কলিতাৰ ৰহস্যজনক মৃত্যু হয়।পাৰিবাৰিক কন্দলৰ বাবেই পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰয়াত নমিতা কলিতাৰ ভাতৃ ছয়গাঁৱৰ বাংকাকাটা নিবাসী পৰেশ কলিতাই। প্ৰণৱ কলিতাই পদকীয়া গণৰ সৈতে মিলি পত্নী নমিতা কলিতাক কৌশলেৰে হত্যা কৰি নিজৰ ঘৰতেই চিপ লগাই আচল ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।ইতিমধ্যে ভাতৃ পৰেশ কলিতাই প্ৰণৱ কলিতা,হৰিচন্দ্ৰ কলিতা,প্ৰণিতা কলিতা,
পাৰ্বতী কলিতা,পৱিত্ৰ কলিতা নামৰ পৰিয়াল সদস্য তথা আত্মীয়ৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। বকো আৰক্ষী থানাত U/S 120 B/302 CASE NO. 125/2023 ত গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মহিলা গৰাকীৰ মৃত্যুৰ সময়ত স্বামী প্ৰণৱ কলিতা গুৱাহাটীৰ সোণাপুৰত কৰ্মৰত আছিল।মহিলা গৰাকীৰ মৃত্যুৰ ঘটনাৰ সৈতে তেঁওৰ স্বামী জৰিত হয় নে নহয় আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু আৰক্ষীৰ প্ৰকৃত তদন্তত হে ঘটনাৰ উচিত দোষী ওলাব বুলি বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ নাথে জানিবলৈ দিয়ে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন

You might also like