নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দি ডিপ্ল’মেট’ৰ তথ্য: চীনতো জনপ্রিয় ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ: বিশ্বৰ জনপ্রিয়তাৰ শীর্ষত থকা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী চুবুৰীয়া ৰাষ্ট্র চীনতো অতি জনপ্রিয়৷ আমেৰিকা যুক্তৰাষ্ট্রস্থিত আলোচনী ‘দি ডিপ্ল’মেট’ত প্রকাশিত ‘চীনত ভাৰতৰ প্রতি দৃষ্টিভংগী কেনেকুৱা’ শীর্ষক প্রবন্ধত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী নাগৰিকৰ মাজত জনপ্রিয় বুলি উল্লেখ কৰা হৈছে৷ আন্তর্জাতিক নেতা প্রধানমন্ত্রী নৰেন্দ্র মোদীক চীনৰ নাগৰিকৰ মাজত থকা জনপ্রিয়তা বিৰল ঘটনা হিচাপে প্রতিফলিত হৈছে৷ অধিকাংশ চীনৰ নাগৰিকে অনুভৱ কৰা মতে বিশ্বৰ অধিকাংশ দেশৰ মাজত প্রধানমন্ত্রী মোদী নেতৃত্বাধীন ভাৰতে ভাৰসাম্য বজাই ৰাখিব পাৰে৷ প্রবন্ধটিৰ চীনৰ ছ’চিয়েল মিডিয়াৰ বিশেষ পৰিচিত এগৰাকী সাংবাদিক মু চুনছানে প্রধানমন্ত্রী মোদী সন্দর্ভত চীনৰ নাগৰিকৰ দৃষ্টিভংগী প্রকাশ কৰিছে৷ চীনৰ ইণ্টাৰনেটত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এক ব্যতিক্রমী নিকনেম আছে৷ ‘মোদী লাওজিয়ান’ অর্থাৎ মোদী অমৰ হিচাপে ইণ্টাৰনেটত ভাৰতৰ প্রধানমন্ত্রী মোদী চীনৰ নাগৰিকৰ মাজত জনপ্রিয় হৈ আছে৷

You might also like