কলকাতাক হৰুৱাই আই পি এল ২০২৬ত প্ৰথমটো জয় হায়দৰাবাদৰ
ডিজিটেল ডেস্ক, ৩ এপ্রিল : ছানৰাইজার্ছ হায়দৰাবাদে চলিত আইপিএলত প্রথমটো জয়ৰ মুখ দেখিছে৷ বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত মেচখনত হায়দৰাবাদে ঘৰুৱা দল কলকাতা নাইট ৰাইডার্ছক ৬৫ ৰানত পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে কলকাতাৰ এয়া আছিল ক্রমাগত দ্বিতীয় পৰাজয়৷
মেচখনত হায়দৰাবাদে জয়ৰ বাবে বান্ধি দিয়া ২২৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি অংগকৃশ ৰঘুবংশীৰ ৫২, ৰিংকু সিঙৰ ৩৫ আৰু ফিন এলেনৰ ২৮ ৰানৰ সহায়ত কলকাতাই ১৬ অভাৰত ১৬১ ৰানহে কৰে৷ হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে সর্বাধিক ৩টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় ট্রেভিছ হেড আৰু অভিষেক শর্মাৰ বিস্ফোৰক বেটিঙৰ লগতে হেনৰিচ ক্লাছেনৰ অর্ধশতকৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অ’ভাৰত ৮টা উইকেট হেৰুৱাই ২২৬ ৰান সংগ্রহ কৰে৷
ইনিংছ মুকলি কৰি ট্রেভিছ আৰু অভিষেকে প্রথম উইকেটৰ যুটিত ৮২ ৰান সংগ্রহ কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে৷ ট্রেভিছে ২১টা বলত ৪৬ আৰু অভিষেকে ২১টা বলত ৪৮ ৰান কৰি বিদায় লয়৷ দলীয় স্ক’ৰ ১১৮ ৰানত চাৰিটাকৈ উইকেট হেৰুৱাই দলটো বিপদত পৰিছিল যদিও ক্লাছেনে নীতিশ কুমাৰ ৰেড্ডীৰ সৈতে পঞ্চম উইকেটত ৮২ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ নীতিশে ৩৯ ৰান কৰি বিদায় লয় যদিও ক্লাছেনে অর্ধশতকীয় ইনিংছ খেলি ছানৰাইজার্ছক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ক্লাছেনে ৩৫টা বলত ৫২ ৰানৰ অৰিহণা আগবঢ়ায়৷ কলকাতাৰ হৈ ব্লেছিং মুজাৰাবানীয়ে সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷