ডিজিটেল ডেস্ক, ৩ এপ্ৰিল : মৰিয়নি সমষ্টিত নিৰ্বাচনী গৰম বতাহ বৃদ্ধি পাইছে। বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েও চুবুৰিয়ে চুবুৰিয়ে মাৰাথন প্ৰচাৰ চলাই ভোটাৰৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিছে। তেওঁ নিজৰ জয়ৰ ক্ষেত্ৰত অত্যন্ত আত্মবিশ্বাস প্ৰকাশ কৰি এইবাৰো জনতাৰ আশীৰ্বাদ লাভ কৰাৰ আশা ব্যক্ত কৰে।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰূপজ্যোতি কুৰ্মীয়ে কয়- ২৫ বছৰ ধৰি বিধায়ক হৈ থকাৰ আঁৰত তেওঁৰ আছে এক গোপন কৌশল, যদিও সেই কৌশল ৰাজহুৱা কৰিবলৈ তেওঁ ইচ্ছুক নহয় বুলি উল্লেখ কৰে।
একেদৰে, তেওঁ প্ৰতিদ্বন্দ্বীক লক্ষ্য কৰি নাম নোলোৱাকৈ কটাক্ষ কৰি কয় যে কিছুমান লোক প্ৰথমবাৰ ৰাজনীতিলৈ আহিয়েই পৰাজয়ৰ সন্মুখীন হ’ব, বেয়া লাগিছে কোনোবা ৰাজনীতিলৈ আহিছে প্ৰথমবাৰতেই হাৰিব।
তদুপৰি তেওঁ কয়- “মোৰ এটা পৰিয়াল আছে, সেই পৰিয়ালটো ফিক্সড। সেই পৰিয়ালটোৱে মোকে ভোট দিব ৷ ৩ বাৰ মোৰ মাক ভোট দিছে, মোকো পাঁচবাৰ বিধায়ক বনাইছিল আৰু এইবাৰ ষষ্ঠবাৰো জনতাই মোক জয়ী কৰিব বুলি মোৰ বিশ্বাস।”
ইয়াৰ লগতে তেওঁ কয়- “ৰাৱণ অহংকাৰৰ বাবে ধ্বংস হৈছিল। সেইবাবে মই প্ৰতিদিনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে লোভ, মোহ, কাম, ক্ৰোধ, অহংকাৰ, দম্ভ আদি সাত ৰিপু মোৰ গাত লম্ভিবলৈ যাতে নিদিয়ে।”