নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্ৰফী প্ৰদৰ্শনৰ ভ্ৰমণসূচী প্ৰকাশ আইচিচিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ নৱেম্বৰঃ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্বে আইচিচিয়ে মুকলি কৰিছে ট্ৰফীৰ ভ্ৰমণসূচী। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আপত্তিৰ পিছত চেম্পিয়নছ ট্ৰফী পাকিস্তান অধিকৃত কাশ্মীৰলৈ নাযায়। আইচিচিয়ে পাকিস্তানে পিঅ’কে প্লেন বাতিল কৰি দিছে। অহা ১৬ নৱেম্বৰৰ পৰা ইছলামবাদৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ভ্ৰমণ। ইয়াৰ শেষ সূচী কেৱল ভাৰতৰ বাবেহে ৰখা হৈছে। ইয়াৰ পিছত পুনৰ ট্ৰফী পাকিস্তানলৈ যাব। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে চেম্পিয়নছ ট্ৰফী PoKলৈ নিব বিচাৰিছিল। কিন্তু বি চি চি আইৰ আপত্তিৰ পিছত এই পৰিকল্পনা বাতিল কৰা হল। এতিয়া আইচিচিয়ে প্ৰকাশ কৰিছে ট্ৰফী ট্যুৰৰ নতুন সূচী। ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২৬ জানুৱাৰীলৈকে চলিব। ২৬ জানুৱাৰীত ভাৰতত থাকিব এই ট্ৰফী। ২৬ জানুৱাৰী ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। সিদিনা দেশৰ গণৰাজ্য দিৱস। ১৬ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ পাকিস্তানত চলিব চেম্পিয়নছ ট্ৰফী ভ্ৰমণ। ইছলামবাদৰ পিছতে ট্ৰফী লাভ কৰিব এবটাবাদ, মুৰী, নাথিয়া গালি আৰু কৰাচীলৈ। ইয়াৰ পিছত ২৬ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ আফগানিস্তানত থাকিব। আফগানিস্তানৰ পিছত চেম্পিয়নছ ট্ৰফী বাংলাদেশলৈ যাব। ১০ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ থাকিব বাংলাদেশত। ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাত ১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ থাকিব তাত। ২৫ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অষ্ট্ৰেলিয়াত থাকিব এই ট্ৰফী। ইয়াৰ পিছত ৬ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ নিউজিলেণ্ডত থাকিব। ১২ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ইংলেণ্ডত থাকিব এই ট্ৰফী। ইয়াৰ পিছত ভাৰতলৈ অনা হব ট্ৰফীটো।

You might also like