নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ভাৰত–বাংলাদেশৰ প্রথম টেষ্ট

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : ভাৰত আৰু বাংলাদেশৰ মাজত আজিৰে পৰা অনুষ্ঠিত হৈছে দুখনীয়া টেষ্ট শৃংখলাৰ প্রথমখন মেচ৷ এই মেচখনত কে এল ৰাহুলে টেষ্ট দলক নেতৃত্ব প্রদান কৰিব৷ এই শৃংখলাটোৰ ফলাফলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অর্জনৰ ক্ষেত্রত ভাৰতক সুযোগ দিব৷ টেষ্ট চেম্পিয়নশ্বিপত সম্প্রতি অষ্ট্রেলিয়া, দক্ষিণ আফ্রিকা আৰু শ্রীলংকাৰ পিছতে ভাৰত আছে চতুর্থ স্থানত৷ চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অর্জন কৰিবৰ বাবে বাংলাদেশৰ বিপক্ষে দুয়োখন টেষ্টত ভাৰতে জয়লাভ কৰিবই লাগিব৷

তদুপৰি অষ্ট্রেলিয়াৰ বিপক্ষেও খেলিবলগীয়া ঘৰুৱা শৃংখলাৰ চাৰিওখন মেচতে ভাৰতে জয়লাভ কৰিলেহে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ সুযোগ পাব৷ আজি প্রথমখন টেষ্ট অনুষ্ঠিত হৈছে জাহুৰ আহমেদ ষ্টেডিয়ামত৷ ইয়াৰ পিট্চ সাধাৰণতে বেটাৰৰ সহায়ক যদিও বলাৰসকলেও পিছৰফালে সুবিধা পাব৷ শৃংখলাটোত ভাৰতেই ফেভাৰিট হিচাপে অৱতীর্ণ হ’ব৷ কিয়নো, এই পর্যন্ত টেষ্টত ভাৰতক পৰাজিত কৰিব পৰা নাই চুবুৰীয়া ৰাষ্ট্রখনে৷ কিন্তু ৰোহিত শর্মা, যশপ্রীত বুমৰাহ, মহম্মদ ছামি আৰু ৰবীন্দ্র জাদেজাৰ অনুপস্থিতিয়ে বাংলাদেশক কিছু হ’লেও সকাহ দিব৷ জাদেজাৰ অভাৱ ভাৰতীয় দলত সদায় অনুভূত হৈ আহিছে৷ বিশেষকৈ বিপক্ষ দলে তৃতীয় অথবা চতুর্থ ইনিংছত বেটিং কৰাৰ সময়ত জাদেজাৰ সর্বাধিক প্রয়োজন হয়৷ অৱশ্যে ঋষভ পণ্টে টেষ্ট শৃংখলাৰ পূর্বে ভাৰতীয় দলত যোগ দিছে৷ কেইদিনমান পূর্বে বাংলাদেশৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত ভাৰত পৰাজিত হ’লেও টেষ্ট শৃংখলাত ভাল ফলাফল দেখুৱাব বুলি আশা কৰা হৈছে৷ পণ্টৰ আঘাতৰ সমস্যা থকা বাবে দ্বিতীয়গৰাকী উইকেটৰক্ষক শ্রীকৰ ভৰতকো সাজু কৰি ৰখা হৈছে৷ সুন্দৰ ফর্মত থকা প্রাক্তন অধিনায়ক বিৰাট কোহলি আৰু চেতেশ্বৰ পূজাৰাও ভাৰতীয় দলৰ অন্যতম ভৰসা হিচাপে থাকিব৷

You might also like