হাৰাৰেত আজি দ্বিতীয় এদিনীয়া মেচ; শৃংখলা দখলৰ লক্ষ্য ৰাহুলৰ টীম ইণ্ডিয়াৰ
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: প্রথমখন এদিনীয়াত জিম্বাব’ৱেক ১০ উইকেটত শোচনীয়ভাৱে পৰাজিত কৰাৰ পাছত আজি দ্বিতীয়খন এদিনীয়াত জয়লাভ কৰি শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰত৷ অৱশ্যে অধিনায়ক কে এল ৰাহুলে আজি মেচখনত ভাৰতীয় বেটাৰসকলক অধিক সময় দিব বিচাৰিছে৷ প্রথমখন মেচত প্রথমে ঘৰুৱা দলটোৱে বেটিং কৰা বাবে ভাৰতীয় বেটাৰসকলে সম্পূর্ণ ৫০ অভাৰ বেটিং কৰাৰ সুযোগ নাপালে৷ সেইবাবে আজি মেচখনত টচত জয়লাভ কৰিলে ভাৰতে প্রথমে বেটিং কৰিব বুলি সদৰী কৰিছে অধিনায়কগৰাকীয়ে৷ বাউন্সী ট্রেকত প্রথমে বেটিং কৰা বেটাৰসকলৰ বাবে যথেষ্ট সমস্যা হয়৷ এনে পিটচত টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ বাবে হ’ব এক প্রত্যাহ্বান৷ কালিৰ মেচখনত দীপক চহৰে প্রথম ঘণ্টাত বলিঙত কিছু সহায় পোৱা দেখা গৈছিল৷
এছিয়া কাপত পাকিস্তানৰ মুখামুখি হোৱাৰ পূর্বে জিম্বাব’ৱেৰ বিপক্ষে ভাৰতীয় বেটাৰসকলে পৰীক্ষা–নিৰীক্ষা সম্পূর্ণ কৰিব বিচাৰে৷ একেদৰে দীপক হুদাই বেটিং কৰাৰ সুযোগ পালে তেওঁৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ’ব৷ সঞ্জু ছেমছনৰ বাবেও এই শৃংখলাটো বিশেষ তাৎপর্যপূর্ণ হ’ব৷ অধিক পৰীক্ষা–নিৰীক্ষা ভাল পোৱা মুখ্য প্রশিক্ষক ভি ভি এছ লক্ষ্মণেও শৃংখলা জয় কৰাতকৈ মেচখনত ৰিজার্ভ বেঞ্চৰ খেলুৱৈক সুযোগ দিব বিচাৰিছে৷ অৱশ্যে জিম্বাব’ৱেৰ বিপক্ষে ভাৰতে দ্বিতীয় শাৰীৰ দল অৱতীর্ণ কৰালৈ কাইলৈয়ে শৃংখলা নিশ্চিত কৰিব বিচাৰিছে ভাৰতে৷
খেলৰ সময়: দুপৰীয়া ১২.৪৫ বজা৷