দর্শকৰ উপস্থিতিত হ’ব ভাৰত–ষ্ট্রেলিয়াৰ মেচ
নিয়মীয়া বাৰ্তা ১৩ জুনঃ অষ্ট্রেলিয়াৰ ক্রীড়া অনুৰাগীৰ বাবে সুখবৰ৷ ঘৰত বহি নহয়, এতিয়া ষ্টেডিয়ামত উপস্থিত থাকি খেলৰ মজা ল’ব পাৰিব৷ অহা ডিচেম্বৰ মাহত ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত হ’বলগীয়া টেষ্ট শৃংখলাটো দর্শকৰ উপস্থিতিত আয়োজন হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ কিয়নো, দেশখনৰ প্রধানমন্ত্রী স্কট মৰিছনে ষ্টেডিয়ামত ২৫ শতাংশ লোক প্রৱেশ কৰিব পাৰিব বুলি ঘোষণা কৰিছে৷ ফলত ৪০ হাজাৰ আসনবিশিষ্ট ষ্টেডিয়ামত এতিয়া ১০ হাজাৰ লোকেহে খেল উপভোগ কৰিব পাৰিব৷ মহামাৰী ক’ৰোনা ভাইৰাছে অষ্ট্রেলিয়াতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত অষ্ট্রেলিয়াত ছমাহলৈ লকডাউন ঘোষণা কৰিছে যদিও এই লকডাউন বর্তমান কিছু পৰিমাণে শিথিল কৰাৰ সিদ্ধান্ত লৈছে অষ্ট্রেলিয়ান চৰকাৰে৷ বিশ্বৰ অন্যান্য প্রান্তৰ লগতে অষ্ট্রেলিয়াতো ক’ৰোনাৰ আতংকৰ বাবে বিগত মার্চ মাহৰ পৰাই সম্পূর্ণৰূপে বন্ধ হৈ আছে ক্রিকেট প্রতিযোগিতাসমূহ৷ ক’ৰোনাৰ ভয়াৱহতাৰ বাবে দেশখনত অহা অক্টোবৰ–নৱেম্বৰ মাহত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে যদিও এই সন্মানীয় প্রতিযোগিতাখন আয়োজন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে দেশখনৰ প্রধানমন্ত্রী স্কট মৰিছনে৷ আই চি চি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন বিনা দর্শকৰ উপস্থিতিত পাতিবলৈ ইচ্ছা নাই প্রধানমন্ত্রীগৰাকীৰ্৷ কিয়নো, আই চি চিৰ সন্মানীয় প্রতিযোগিতাখন বিনা দর্শকৰ উপস্থিতিত অনুষ্ঠিত হ’লে তেওঁলোকে ৰাজহ হেৰুওৱাৰ লগতে খেলুৱৈসকলো উৎসাহিত নহ’ব৷ গতিকে, সীমিতসংখ্যক দর্শকৰ উপস্থিতিত টি–২০ বিশ্বকাপখনো আয়োজন কৰিবলৈ সাজু আছে বুলি প্রধানমন্ত্রী মৰিছনে সদৰী কৰে৷ ইফালে, অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনৰ এই মন্তব্যই বি চি চি আইৰ আশাত চেঁচাপানী ঢ়লাৰ আশংকাই দেখা দিছে৷ কিয়নো, টি–২০ বিশ্বকাপখন স্থগিত অথবা বাতিল হ’লেই বি চি চি আয়ে ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজন কৰাৰ সুযোগ লাভ কৰিব৷ মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে আই পি এলখন আয়োজনক লৈও অনিশ্চয়তা আহি পৰিছে৷ এই প্রতিযোগিতাখন মার্চ মাহৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ভাৰতত ক’ৰোনাৰ আতংক দিনকদিনে বৃদ্ধি পোৱাত প্রতিযোগিতাখন অনির্দিষ্টকাললৈ স্থগিত ৰাখিবলগীয়া হৈছে৷