নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি গুৱাহাটীত ভাৰত-অষ্ট্রেলিয়াৰ তৃতীয় টি-২০

🔹 অসম ভূমিত উপস্থিত দুয়ো দলৰ খেলুৱৈ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : সত্রনগৰী মাজুলী, নলবাৰী, হাউলী আদিত শ্রীকৃষ্ণৰ ৰাস মহোৎসৱে উদুলি–মুদুলি পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যৰ ক্রিকেট অনুৰাগী আক্রান্ত হৈছে ভাৰত–অষ্ট্রেলিয়াৰ ক্রিকেট জ্বৰত৷ আজি টি–২০ শৃংখলাৰ এখন গুৰুত্বপূর্ণ মেচত অৱতীর্ণ হ’ব সদ্যসমাপ্ত এদিনীয়া বিশ্বকাপৰ ফাইনেলিষ্ট দল দুটা৷ ইতিমধ্যে দুখন মেচত বিশ্ব চেম্পিয়ন দলটোক পৰাস্ত কৰি শৃংখলাত ২–০ ব্যৱধানত অগ্রগতি লাভ কৰা ভাৰতে আজি বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত খেলিব লগা মেচখনত জয়লাভ কৰিব পাৰিলে শৃংখলা নিজৰ দখললৈ আহিব৷ সেইবাবেই গুৱাহাটীৰ মেচখনত গুৰুত্ব বৃদ্ধি পাইছে৷ উল্লেখ্য যে বিশ্বকাপৰ ফাইনেলত অষ্ট্রেলিয়াৰ হাতত ভাৰতীয় দলটো শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছত অনুৰাগীসকল হতাশ হৈ পৰিছিল৷ কিন্তু সূর্য কুমাৰ যাদৱ নেতৃত্বাধীন যুৱ তাৰকাৰে গঠিত ভাৰতীয় দলটোৰ উজ্জীৱিত প্রদর্শনে পুনৰ অনুৰাগীৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ ইতিপূর্বে বিশাখাপট্টনম আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত মেচ দুখনত ভাৰতৰ প্রদর্শনে সকলোকে আপ্লুত কৰিছে৷ গুৱাহাটীৰ মেচখন সফল কৰাৰ বাবে অসম ক্রিকেট সন্থাই যথেষ্ট চেষ্টা চলাইছে৷ কাৰণ এই মেচখনত সফল হ’লেহে ইয়াত আইপিএলৰ একাধিক মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াই ইতিমধ্যে সদৰী কৰিছে যে এইবাৰ সন্থাই গুৱাহাটীত তিনিখন মেচ আয়োজন কৰাৰ বাবে আবেদন জনাইছে৷ সেয়া হ’লে অসমত ক্রিকেটৰ পৰিৱেশ অধিক উন্নত হ’ব৷ ইতিমধ্যে দুয়োটা দলৰ খেলুৱৈসকল কালি বিয়লি উপস্থিত হৈছে গুৱাহাটীত৷ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত দল দুটা অৱতৰণ কৰাৰ পিছতে ভাৰতীয় দলটোক পোনে পোনে হোটেল ৰেডিছন ব্লুলৈ নিয়া হয়৷ ইয়াৰ বিপৰীতে অষ্ট্রেলিয়া দলটো আছে হোটেল তাজত৷ অষ্ট্রেলিয়াৰ বাবেও এই মেচখন যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷ গুৱাহাটীত জয়লাভ কৰিব পাৰিলেহে তেওঁলোকে শৃংখলালৈ প্রত্যাৱর্তন ঘটাব পাৰিব৷ অন্যথা ইয়াতেই পাঁচখনীয়া শৃংখলাটো হেৰুৱাব লাগিব৷ অসম ক্রিকেট সন্থাই জনোৱা মতে, ইতিমধ্যে ২৫ হাজাৰৰো অধিক টিকট বিক্রী হৈছে৷ বাকী থকা টিকটসমূহো বিক্রী হ’ব বুলি আশা কৰিছে তেওঁলোকে৷ উল্লেখ্য যে বর্ষাপাৰাৰ ক্রিকেট ষ্টেডিয়ামত দর্শকৰ আসনৰ সংখ্যা প্রায় ৩৭ হাজাৰ৷ ইয়াৰে কেইহাজাৰমান টিকট প্রাক্তন খেলুৱৈ, সংগঠক আৰু বিচিচিআইৰ কর্মকর্তাৰ বাবে সংৰক্ষণ কৰি ৰখা হয়৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বেও অষ্ট্রেলিয়াই বর্ষাপাৰাত টি–২০ মেচত অৱতীর্ণ হৈছে৷ ইতিমধ্যে অনুষ্ঠিত তিনিখন মেচৰ দুখনৰ ফলাফল ওলাইছে যদিও এখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছে৷ অৱশ্যে আজি বৰষুণে বিধি–পথালি দিয়াৰ সম্ভাৱনা নাই৷ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনৰ দর্শকৰ বাবে বিয়লি ৪ বজাৰ পৰা দ্বাৰ মুকলি কৰা হ’ব৷ আজি ষ্টেডিয়ামৰ চৌদিশে যান–জঁট ৰোধৰ বাবে যান–বাহন আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ মেচৰ সময়ছোৱাত যাতে কোনোধৰণৰ বিশৃংখলাৰ সৃষ্টি নহয় তাৰ বাবেও আৰক্ষী প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like