নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্র’ফেট ছং : পল লিন্সলৈ বুকাৰ বঁটা

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰ : সন্মানীয় বুকাৰ বঁটা ২০২৩ আগবঢ়োৱা হৈছে আইৰিছ লেখক পল লিন্সলৈ৷ কাব্যিক ৰচনাশৈলী আৰু জটিল বিষয়ৰ সৰল উপস্থাপনেৰে সাহিত্যিক হিচাপে খ্যাতি অর্জন কৰা পল লিন্সৰ পঞ্চম উপন্যাস ‘প্র’ফেট ছঙ’ৰ বাবে ২০২৩ বর্ষৰ বুকাৰ বঁটা আগবঢ়োৱা হৈছে৷ ভৱিষ্যতে আয়াৰলেণ্ডত শোষণকাৰীৰ শাসন আৰু ইয়াৰ পৰিণতিত গৃহযুদ্ধই পৰিয়ালৰ ওপৰত পেলাবলগীয়া নেতিবাচক প্রভাৱক লৈ কল্পনাৰ আধাৰত ৰচিত ‘প্র’ফেট ছঙ’ৰ বাবে বুকাৰ বঁটা লাভ কৰাৰ পিছতে আইৰিছ লেখক লিন্সে সামাজিক মাধ্যম এক্সযোগে সন্তুষ্টি ব্যক্ত কৰিছে৷ ‘প্র’ফেট ছং’ উপন্যাসখনত লেখক লিন্সে ভৱিষ্যৎ আয়াৰলেণ্ডত শোষণকাৰীৰ কঠোৰ শাসনৰ পৰিপ্রেক্ষিতত গৃহযুদ্ধই দেশৰ অগণন নাগৰিকক পলায়ন কৰিবলৈ বাধ্য কৰাব বুলি কল্পনাপ্রসূত উপস্থাপন কৰা হৈছে৷ ডাবলিনৰ বিকল্প হিচাপে কেন্দ্র এটা কল্পনা কৰি লেখকগৰাকীয়ে নতুনকৈ গোপন আৰক্ষীৰ জৰিয়তে চৰকাৰ গঠন কৰি পৰৱর্তী সময়ত দেশখন দখল কৰি স্বৈৰাচাৰী শাসন চলাব৷ ইয়াৰ পিছতে দেশত গৃহযুদ্ধৰ সৃষ্টি হ’ব৷ কাব্যিক ৰচনাশৈলীৰে সৰল উপস্থাপনৰ এই উপন্যাসখনে ইতিমধ্যে বিশ্ব সাহিত্য জগতত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে৷ আইৰিছ ঔপন্যাসিক পল লিন্সৰ ১৯৭৭ চনৰ ৯ মে’ত আয়াৰলেণ্ডৰ দক্ষিণ–পশ্চিমৰ লিমেৰিকোত জন্ম হয়৷ লিন্সৰ ৯ মাহতে তেওঁৰ পিতৃ–মাতৃ দেশখনৰ উত্তৰ প্রান্তৰ প্রদেশলৈ যায় আৰু তাতেই লিন্স ডাঙৰ–দীঘল হয়৷ পিতৃ–মাতৃয়ে চাকৰিসূত্রে দেশখনৰ বিভিন্ন প্রান্ত ভ্রমণ কৰাৰ বাবে পল লিন্সৰো শৈশৱৰ পৰা কৈশোৰলৈ বিভিন্ন স্থানত অধ্যয়ন সম্পর্কীয় কার্য সম্পন্ন হয়৷ ডাবলিনত বর্তমান বাস কৰি থকা পল লিন্সে দ্য ছানডে’ ট্রিবিউনত কর্মৰত হৈ থকা সময়তে উপন্যাস লিখিবলৈ লয়৷ ‘ৰেড স্কাই ইন মর্নিং’ শীর্ষক উপন্যাসেৰে ঔপন্যাসিক হিচাপে আত্মপ্রকাশ কৰা পল লিন্স সেই উপন্যাসখনেৰে আমেৰিকা যুক্তৰাষ্ট্র আৰু ফ্রান্সত পৰিচিত হৈ পৰে৷ ১৮৩০ চনৰ ফিলাডেলফিয়াৰ সমীপৰ ডাফিকাট নামৰ অঞ্চলটোত আইৰিছ প্রব্রজনকাৰীৰ সমস্যাক লৈ নির্মাণ হোৱা টিভি ডকুমেণ্টৰী এখনৰ অনুপ্রেৰণাত পল লিন্সে লিখিছিল ৰেড স্কাই ইন মর্নিং৷ তেওঁৰ পৰৱর্তী উপন্যাসখন হৈছে দ্য ব্লেক স্ন’৷ এই উপন্যাসখনৰ বিষয়বস্তুও হৈছে ডনেগাল প্রদেশৰ পৰা আইৰিছ প্রব্রজনকাৰী নিজ গাঁওলৈ উভতি অহাৰ কাহিনী৷ তেওঁৰ তৃতীয় উপন্যাস হৈছে গ্রেচ৷ চতুর্থখন উপন্যাস ২০১৯ চনত প্রকাশ পায়৷ প্রশান্ত মহাসাগৰত এখন নাৱত হোৱা দুর্ঘটনাৰ সত্য কাহিনীৰ আধাৰত ৰচিত এই চতুর্থ উপন্যাসখনৰ নাম হৈছে ‘বিয়ণ্ড দ্য ছী’৷ পাঁচখন উপন্যাসেৰে বিশ্ব সাহিত্যত শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ সক্ষম হোৱা আইৰিছ লেখক পল লিন্সে পঞ্চম উপন্যাস ‘প্র’ফেট ছঙ’ৰে বুকাৰ বঁটা লাভ কৰাৰ পূর্বে কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like