দক্ষিণ আফ্রিকাক হৰুৱাই চেম্পিয়ন ভাৰত
🔹 ১৯ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ
নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : মহিলাৰ ১৯ বছৰ অনূর্ধ্ব টি–২০ বিশ্বকাপত চেম্পিয়নৰ সন্মান অর্জন কৰিলে ভাৰতে৷ ফাইনেল খেলখনত দলটোৱে দক্ষিণ আফ্রিকাক ৯ উইকেটত সহজে পৰাভূত কৰে৷ প্রথমে বেটিং কৰি দক্ষিণ আফ্রিকাই মাত্র ৮২ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়৷ প্রত্যুত্তৰত ভাৰতে ১১.২ অভাৰতে এটা উইকেট হেৰুৱাই ৮৪ ৰান সংগ্রহ কৰে৷ ইয়াৰ লগে লগে ভাৰতে দুবাৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অর্জন কৰে৷ একপক্ষীয় মেচখনত টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লয় দক্ষিণ আফ্রিকাৰ অধিনায়ক কায়লা ৰেনেকে৷ কিন্তু ভাৰতৰ বলিং আক্রমণৰ সন্মুখত কোনোধৰণৰ প্রত্যুত্তৰ দিব নোৱাৰিলে দক্ষিণ আফ্রিকাৰ বেটাৰসকলে৷ কুৱালালামপুৰত অনুষ্ঠিত মেচখনত নিয়মীয়াভাৱে উইকেট হেৰুৱাই চাপৰ মাজত সোমাই পৰে দক্ষিণ আফ্রিকা৷ ইনিংছৰ শেষপর্যন্ত দলটোৱে চাপমুক্ত হ’ব নোৱাৰিলে৷ দলটোৰ হৈ সর্বাধিক ৰান কৰে ৬ নম্বৰত বেটিং কৰিবলৈ নমা মাইক ভান ভূৰষ্টই৷ তেওঁ ১৮টা বলত ২৩ ৰান কৰে৷ ইয়াৰ উপৰি দুটা অংকৰ ৰান সংগ্রহ কৰে জিমা ব’থা (১৬), নামা কাৰাবো মিচো (১০) আৰু ৭ নম্বৰত বেটিং কৰিবলৈ অহা নামা ফা কলিং (১৫)য়ে৷ ভাৰতৰ সফলতম বলাৰ গংগোদি তৃষ্ণাই ১৫ ৰানত ৩টা উইকেট দখল কৰে৷ ৬ ৰানত দুটা উইকেট দখল কৰে পাৰুনিকা ছিছোদিয়াৰে৷ আয়ুচি শুক্ল, বৈষ্ণৱী শর্মাই দুটাকৈ উইকেট লাভ কৰে৷ বিশ্বকাপ জয়ৰ বাবে ৮৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ জি কমলিনী (৮)ৰ উইকেট হেৰুৱাই বিজয় আঁজুৰি আনে ভাৰতে৷ আনগৰাকী অ’পেনাৰ তৃষাই ৩৩টা বলত ৪৪ ৰানৰ এটি অপৰাজিত ইনিংছ খেলে৷ তেওঁৰ বেটৰ পৰা আহে ৮টা চাৰি৷ ৩ নম্বৰত বেটিং কৰা নামা ছ’নিকা চালকে ২২টা বলত ২৬ ৰান কৰি অপৰাজিত হৈ থাকে৷ দক্ষিণ আফ্রিকাৰ কোনো বলাৰে ভাৰতীয় বেটাৰৰ ওপৰত প্রভাৱ পেলাব নোৱাৰিলে৷ দক্ষিণ আফ্রিকাৰ হৈ একমাত্র উইকেটটো দখল কৰে অধিনায়ক কায়লাই৷ উল্লেখ্য যে এইপর্যন্ত দুবাৰ অনুষ্ঠিত হৈছে ১৯ বছৰ অনূর্ধ্ব টি–২০ মহিলা বিশ্বকাপ৷ প্রতিযোগিতাখনত দুয়োবাৰেই চেম্পিয়ন হৈছে ভাৰত৷ ২০২৩ চনৰ ফাইনেলত ইংলেণ্ডক হৰুৱাই চেম্পিয়ন হৈছিল ভাৰতীয় দলটো৷ ২০২৭ চনত প্রতিযোগিতাখন আয়োজন কৰিব বাংলাদেশ আৰু নেপালে৷