হেডিংলেত লজ্জাৰ পৰাজয় ভাৰতৰ
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ উদীয়মান বেগী বলাৰ অলি ৰবীনছনৰ বিধ্বংসী বলিঙৰ সন্মুখত দিশহাৰা হৈ টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ইনিংছৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হৈছে৷ প্রথম ইনিংছত ৩৫৪ ৰানৰ বৃহৎ ব্যৱধানত পিছপৰি থকা দলটোৱে শনিবাৰে মাত্র ২৭৮ ৰানতে দ্বিতীয় ইনিংছ সামৰে৷
ৰবীনচন, ক্রেইগ অভাৰটন আৰু জেমছ এণ্ডাৰছনৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত দিশহাৰা হৈ ভাৰতে আজি পুৱা মাত্র ১৬ অভাৰহে ক্রীজত বর্তি থাকিবলৈ সক্ষম হয়৷ ৫৪ মিনিটৰ ভিতৰতে দলটোৱে অৱশিষ্ট সাতটা উইকেট হেৰুৱাই এক ইনিংছ আৰু ৭৬ ৰানত পৰাজয় স্বীকাৰ কৰে৷ কালি ৯১ ৰানত অপৰাজিত হৈ থকা অভিজ্ঞ বেটছমেন শ্বেটেশ্বৰ পূজাৰাই শনিবাৰে কোনো ৰান যোগ দিব নোৱাৰিলে৷ অধিনায়ক কোহলিয়েও ৫৫ ৰানতে পেভিলিয়নমুখী হয়৷ তৃতীয় উইকেটত তেওঁলোকে কালি ৯৯ ৰান যোগ দি ভাৰতৰ পৰাজয় ৰোধৰ আশা সজীৱ কৰি তুলিছিল যদিও ইংলেণ্ডৰ শক্তিশালী বেগী বলিং আক্রমণৰ সন্মুখত শনিবাৰে কোহলি ব্রিগেডে সহজে আত্মসমর্পণ কৰিবলৈ বাধ্য হয়৷
আজিংক্য ৰাহানেই ১০, ঋষভ পণ্টে ১, ৰবীন্দ্র জাদেজাই ৩০, মহম্মদ ছামিয়ে ৬, ঈশান্ত শর্মাই ২, মহম্মদ ছিৰাজে ০ ৰানত আউট হয়৷ ইংলেণ্ডৰ এই চমকপ্রদ জয়ৰ মূলতে আছিল দুই উদীয়মান তাৰকা ৰবীনছন, অভাৰটন আৰু অভিজ্ঞ বেগী বলাৰ জেমছ এণ্ডাৰছন৷ শনিবাৰে পুৱা ৰবীনছনে পূজাৰাক পেভিলিয়নমুখী কৰাৰ পিছতে ভাৰতীয় দলৰ বেটিং স্খলন আৰম্ভ হয়৷ অধিনায়ক কোহলিয়ে চলিত শৃংখলাত প্রথমটো অর্ধশতক অর্জন কৰে যদিও ইংলেণ্ডৰ বলিং আক্রমণৰ সাহসেৰে মোকাবিলা কৰি দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে৷
মেন অৱ দ্য মেছ ৰবীনছনে ৬৫ ৰানৰ বিনিময়ত ৫টা আৰু অভাৰটনে ৪৭ ৰান ব্যয় কৰি তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ এণ্ডাৰছন আৰু মঈন আলীয়ে এটাকৈ উইকেট পায়৷ ইয়াৰ পূর্বে ভাৰতে কালি ২ উইকেটৰ বিনিময়ত ২১৫ ৰান সংগ্রহ কৰিছিল৷ শনিবাৰৰ জয়েৰে জ’ ৰুট নেতৃত্বাধীন ঘৰুৱা দলটোৱে পাঁচখন মেচৰ টেষ্ট শৃংখলাটোত ১–১ৰ ব্যৱধানত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে ভাৰতৰ ৭৮ ৰানৰ প্রত্যুত্তৰত ইংলেণ্ডে প্রথম ইনিংছত ৪৩২ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰাই জয়ৰ ভেটি গঢ়িছিল৷