নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ আন এক বিশ্ব অভিলেখঃ দেশত এদিনতে ১ কোটি লোকক ভেকচিন প্রদান

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ দেশত ক’ভিড–১৯ টিকাকৰণ অভিযান ক্ষিপ্রতৰ কৰি তুলিছে৷ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযানৰ এদিনত ভেকচিনৰ ড’জ প্রদানত পুনৰ আন এক অভিলেখ গঢ়িলে৷

ইতিপূর্বে এদিনত ৮০ লাখ ভেকচিন ড’জ প্রদান কৰি অভিলেখ গঢ়াৰ পাছত দুদিন পূর্বে এদিনত ৯০ লাখ ভেকচিনৰ ড’জ প্রদান কৰি আন এক অভিলেখ গঢ়ে৷ যোৱা ২৪ ঘণ্টাত এই অভিলেখ ভংগ কৰি পুনৰ আন এক বিশ্ব অভিলেখ গঢ়ে ভাৰতে৷ এদিনত ১ কোটিতকৈ অধিক ভেকচিন প্রদান কৰি বিশ্ব অভিলেখ গঢ়া বুলি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াই টুইটযোগে ঘোষণা কৰি দেশবাসীক অভিনন্দন জ্ঞাপন কৰে৷

দেশে ভেকচিন প্রদানক লৈ অভিলেখ গঢ়াৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে কয়– আজি অভিলেখসংখ্যক টিকাকৰণ কৰা হৈছে৷ এক কোটিতকৈ অধিক ভেকচিন প্রদান কৰাটো মহত্ত্বপূর্ণ কৃতিত্ব৷ যিসকলে ভেকচিন ল’লে, তেওঁলোকক ধন্যবাদ আৰু যিসকলে টিকাকৰণ অভিযান সফল কৰি তুলিছে, তেওঁলোককো ধন্যবাদ৷

উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দেশত ৪৬,৭৫৯জন আক্রান্ত হোৱাৰ বিপৰীতে ৫০৯জনৰ প্রাণহানি হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ৩১ দিন ধৰি দেশত পজিটিভিটীৰ হাৰ ৩ শতাংশৰ তলত আছে৷ অৱশ্যে বিগত চাৰি দিন ধৰি দেশত আক্রান্তৰ সংখ্যা সামান্য পৰিমাণে বৃদ্ধি পাই আছে৷ সর্বাধিক আক্রান্তৰ তালিকাত আছে কেৰালা৷ দেশৰ মুঠ আক্রান্তৰ প্রায় ৬০ শতাংশই কেৰালাৰ৷ বর্তমান দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৩,৫৯,৭৭৫৷ সুস্থতাৰ হাৰ ৯৭.৫৬৷ আনপিনে সমাগত উৎসৱৰ বতৰ উপলক্ষে ক’ভিড–১৯ৰ সংক্রমণ যাতে বৃদ্ধি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ক’ভিড–১৯ নির্দেশনা অহা ৩০ ছেপ্ঢেম্বৰলৈকে সম্প্রসাৰণ কৰিছে৷

উৎসৱৰ সময়ত যাতে জনতাৰ ভিৰ নিয়ন্ত্রণ কৰিব পাৰে, সেই সন্দর্ভত প্রয়োজনীয় ব্যৱস্থা ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক গ্রহণ কৰিবলৈ পৰামর্শ আগবঢ়াইছে কেন্দ্রীয় চৰকাৰে৷ মন কৰিবলগীয়া যে কেৰালাত ঈদ আৰু অ’নাম উদ্যাপনৰ পাছতেই সংক্রমণৰ হাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে আন আন ৰাজ্যসমূহকো সজাগ হ’বলৈ নির্দেশ দিছে৷

You might also like