নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিভেৰিয়াত ৰেভ পার্টী: নিষিদ্ধ ক’কেইন যোগনিয়াৰ বিশাল চৌধুৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ  খাৰঘুলিৰ ৰিভেৰিয়া এপার্টমেণ্টত জন্মদিনৰ পার্টীত ক’কেইনকে ধৰি ড্রাগ্ছজাতীয় দ্রব্য সেৱন কৰাৰ সময়তে মহানগৰ আৰক্ষীয়ে হাতে–লোটে গ্রেপ্তাৰ কৰিছিল ১৮জনকৈ পুৰুষ–মহিলাক৷ বিল্ডাৰ বিকাশ জৈনৰ এপার্টমেণ্টত চলা জন্মদিনৰ পার্টীত নিষিদ্ধ ক’কেইন যোগান ধৰাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে দিল্লীৰ আৰক্ষীৰ সহযোগত যোগনিয়াৰ বিশাল কুসুম চৌধুৰীক কালি গ্রেপ্তাৰ কৰে৷

দক্ষিণ দিল্লীৰ এটা এপার্টমেণ্টত আত্মগোপন কৰি থকা বিশালক মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি  গুৱাহাটীলৈ আনে৷ বিশালক আদালতত হাজিৰ কৰি আৰক্ষীয়ে ৯ দিনৰ জিম্মাত লয়৷ সম্প্রতি লতাশিল থানাৰ আৰক্ষীয়ে বিশালক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি গুৱাহাটীৰ খ্রীষ্টানবস্তিৰ শ্রীনগৰ নলিনীবালা দেৱী পথৰ বাসিন্দা বিকাশ কুসুম চৌধুৰীৰ পুত্র বিশালে দিল্লীৰ পৰা কুৰিয়াৰযোগে ক’কেইন সৰবৰাহ কৰিছিল৷ বিশালে পঠিওৱা ক’কেইন অশোক বর্মন নামৰ ড্রাগ্ছ মাফিয়াটোৱে সংগ্রহ কৰি বিকাশ জৈনক যোগান ধৰিছিল৷

আৰক্ষীৰ তদন্তত বিশালে প্রায়ে গুৱাহাটীলৈ কুৰিয়াৰৰ জৰিয়তে ক’কেইনকে ধৰি ড্রাগ্ছজাতীয় সামগ্রী সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটীত চলা ৰেভ পার্টীত বিশালে পঠিওৱা ক’কেইন অশোক বর্মনে যোগান ধৰি আহিছিল৷ উল্লেখ্য যে লতাশিল থানাত এডিপিএছ এক্টৰ অধীনত ৰুজু হোৱা ২৮২/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে তদন্তৰ খাতিৰত কিছুদিন পূর্বে বিল্ডাৰ বিকাশ জৈন আৰু চয়ন শইকীয়াক দুদিনৰ জিম্মাত লোৱাৰ বিপৰীতে ড্রাগ্ছ মাফিয়া অশোক বর্মনক ৬ দিনৰ জিম্মাত লৈছিল৷ অশোকৰ স্বীকাৰোক্তিৰ ভিত্তিতে তদন্তকাৰী আৰক্ষীৰ দলে দক্ষিণ দিল্লীৰ পৰা বিশালক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

You might also like