নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰে হায়দৰাবাদ টেষ্টত পৰাস্ত টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ হায়দৰাবাদত ইংলেণ্ডৰ বিৰুদ্ধে খেলা প্রথম টেষ্টত পৰাস্ত ভাৰত৷ মেচখনত ভাৰতে ২৮ ৰানত পৰাজয়ৰ সন্মুখীন হয়। মেচখনত ইংলেণ্ডৰ হৈ অলি পোপে ১৯৬ ৰানৰ ইনিংছ খেলে। ইয়াৰ পিছত স্পিনাৰ টম হাৰ্টলীৰ ত্ৰাসত দিশহাৰা হৈ পৰে টীম ইণ্ডিয়া, যিয়ে অভিষেক মেচত ৭টা উইকেট দখল কৰে। মেচখনত প্ৰথম বেটিং কৰি ইংলেণ্ডে ২৪৬ ৰান সংগ্ৰহ কৰি অল আউট হয়। ইয়াৰ উত্তৰত ভাৰতে প্ৰথম ইনিংছত ৪৩৬ ৰান কৰে। তাৰ পাছত দ্বিতীয় ইনিংছত ইংলেণ্ডে ৪২০ ৰান কৰি ভাৰতক বিজয়ৰ বাবে ২৩১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। পিছে লক্ষ্যৰ পিছ খেদি ভাৰতে দ্বিতীয় ইনিংছত ২০২ ৰানত অল আউট হয় আৰু পৰাজয়বৰণ কৰে।

You might also like