গুৱাহাটীত ভাৰত-নিউজিলেণ্ডৰ টি–২০ মেচ
🔹 গুৱাহাটীত ভাৰত-নিউজিলেণ্ডৰ টি–২০ মেচ
🔹 ৰাজ্যৰ ক্রিকেটপ্রেমীৰ বাবে সুখবৰ
নিউজ ডেস্ক, ১৫ জুন : ৰাজ্যৰ ক্রিকেটপ্রেমীৰ বাবে এক সুখবৰ৷ অহা বর্ষৰ আৰম্ভণিতে ৰাজ্যবাসীয়ে গুৱাহাটীত উপভোগ কৰিব পাৰিব এখন আন্তঃৰাষ্ট্রীয় টি–২০ মেচ৷ তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচত অংশগ্রহণ কৰাৰ উদ্দেশ্যে অহা বর্ষৰ আৰম্ভণিতে ভাৰত ভ্রমণলৈ আহিব নিউজিলেণ্ড ক্রিকেট দলটো৷
দুয়ো দেশৰ মাজৰ এদিনীয়া আৰু টি–২০ শৃংখলাটোৰ সূচী ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ১১–১৮ জানুৱাৰীত এদিনীয়া শৃংখলাটো অনুষ্ঠিত হোৱাৰ বিপৰীতে টি–২০ শৃংখলাটো ২১–৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব৷ টি–২০ শৃংখলাটোৰ তৃতীয়খন মেচ আয়োজনৰ স্বত্ব লাভ কৰিছে অসম ক্রিকেট সন্থাই৷ মেচখন ২৫ জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷