নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ জুনত এজবাষ্টনত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ

🔹 ২০২৬ চনৰ মহিলা টি–২০ বিশ্বকাপৰ সূচী ঘোষণা

নিউজ ডেস্ক, ১৯ জুন : বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচি আৰু আয়োজক ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে ২০২৬ চনৰ মহিলা টি–২০ বিশ্বকাপৰ আনুষ্ঠানিক সূচী ঘোষণা কৰিছে৷ ১২টা দলৰ মাজত ২৪ দিন ধৰি চলিবলগীয়া মেগা প্রতিযোগিতাখন ১২ জুনৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হ’ব৷ ইংলেণ্ডৰ সাতটা স্থানত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ বহু প্রতীক্ষিত ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচখন ১৪ জুনত অনুষ্ঠিত হ’ব৷ বিশ্ববাসীৰ বহু প্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখন এজবাষ্টনত খেলোৱা হ’ব৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখন ১২ জুনত এজবাষ্টনতে আয়োজক ইংলেণ্ড আৰু শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’ব৷ ছেমিফাইনেল মেচ দুখন ৩০ জুন আৰু ২ জুলাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেল মেচখন ৫ জুলাইত লর্ডছত খেলোৱা হ’ব৷ ১২টা দলক দুটা গ্রুপত ভাগ কৰা হৈছে৷ গ্রুপ–১ত ভাৰত আৰু পাকিস্তানৰ লগতে স্থান লাভ কৰিছে ছয়বাৰৰ চেম্পিয়ন অষ্ট্রেলিয়া, বিগত বর্ষৰ ৰানার্ছআপ দক্ষিণ আফ্রিকা আৰু দুটা কোৱালিফায়িং দল৷ ইপিনে, গ্রুপ–২ত আছে ডিফেণ্ডিং চেম্পিয়ন নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, শ্রীলংকা, আয়োজক ইংলেণ্ড আৰু দুটা কোৱালিফায়িং দল৷

You might also like