নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপ: ছুপাৰ ফ’ৰত আজি ভাৰত–পাকিস্তান

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ এছিয়া কাপৰ গ্রুপ পর্যায়ৰ খেলত হার্দিক পাণ্ডিয়া, ভুবনেশ্বৰ কুমাৰ আৰু ৰবীন্দ্র জাদেজাই দর্শনীয় প্রদর্শন আগবঢ়াইছিল৷ মেচখনত পাকিস্তানক পৰাজিত কৰাৰ ৭ দিন পিছতে পুনৰ ছুপাৰ ফ’ৰত ভাৰতৰ বিৰুদ্ধে মুখামুখি হ’ব বাবৰ আজমৰ দলটো৷ কিন্তু এইবাৰ পৰিস্থিতি সলনি হৈছে৷ কাৰণ আঘাতৰ বাবে এছিয়া কাপৰ পৰা বাহিৰ হৈছে জাদেজা৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিঙত ভৰসা হিচাপে থিয় দিছিল তেওঁ৷ এইপর্যন্ত ছন্দ বিচাৰি পোৱা নাই দলৰ অধিনায়ক ৰোহিত শর্মা আৰু অ’পেনাৰ লোকেশ ৰাহুলে৷ ভাৰতৰ পেচ বলিঙক লৈও চিন্তাৰ উদ্রেক ঘটিছে৷ সেইবাবে পাকিস্তানৰ বিৰুদ্ধে আজি যুঁজত নমাৰ পূর্বে এই বিষয়বোৰে উদ্বিগ্ন কৰি ৰাখিছে ভাৰতক৷ জাদেজাৰ স্থানত অক্ষৰ পেটেলক দলত অন্তর্ভুক্ত কৰা হৈছে৷

আজি পাকিস্তানৰ বিৰুদ্ধে তেওঁ খেলাটো প্রায় নিশ্চিত৷ কাৰণ জাদেজাৰ দৰেই তেওঁ বাঁওহতীয়া অলৰাউণ্ডাৰ৷ ভাৰতীয় দলৰ বেটিং লাইনআপ মূলতঃ সোঁহতীয়া৷ বাঁওহতীয়া বেটাৰ ঋষভ পণ্টে পাকিস্তানৰ বিৰুদ্ধে খেলা নাছিল৷ আনহাতে, হংকঙৰ বিৰুদ্ধে হার্দিক পাণ্ডিয়াক জিৰণি দিয়া হৈছিল৷ পাকিস্তানৰ বিৰুদ্ধে হার্দিক দললৈ উভতিব৷ সেয়া হ’লে অক্ষৰৰ সলনি পণ্টক দলভুক্ত কৰিলেও এজন বলাৰ কমিব৷ ফলত অক্ষৰৰ স্থানত দীপক হুদাকো খেলোৱাৰ সম্ভাৱনা আছে৷ কাৰণ তেওঁ বেটিং আৰু বলিং উভয়তে পাৰদর্শী৷ শীর্ষ ক্রমক লৈ চাপত থাকিব ভাৰত৷ গ্রুপৰ মেচখনত পাকিস্তানে কম ৰানৰ লক্ষ্য বান্ধি দিয়া সত্ত্বেও ভাৰতীয় বেটাৰসকলে শেষপর্যন্ত যুঁজিব লগা হৈছিল৷ সেইবাবে আজি প্রতিপক্ষ দলটোৰ বিৰুদ্ধে বৃহৎ ৰান কৰিবলৈ হ’লে ভাৰতৰ শীর্ষ ক্রমৰ বেটাৰসকলে ৰানলৈ উভতিব লাগিব৷ তেতিয়াহে মধ্য ক্রমৰ বেটাৰে দলক বৃহৎ ৰানৰ দিশে আগুৱাই নিব পাৰিব৷

ইপিনে, ভাৰতৰ পেচ বলাৰসকলেও সন্তুষ্ট কৰিব পৰা নাই অধিনায়ক ৰোহিতক৷ অৱশ্যে আজি অর্শদীপ সিং আৰু আভেছ খানক একেলগে দেখা নাযাব পাৰে৷ পাকিস্তানৰ প্রথম চাৰিজন বেটাৰৰ ভিতৰত দুজনেই বাঁওহতীয়া৷ তেওঁলোকৰ বিৰুদ্ধে আৰ অশ্বিনে বিশেষ ভূমিকা গ্রহণ কৰিব পাৰে৷ অৱশ্যে অধিনায়ক বাবৰ আজমেও ৰান পাবলৈ সক্ষম নোহোৱাত চাপত থাকিব পাকিস্তান৷ যাৰ বাবে দলটোৰ মধ্য ক্রমৰ বেটাৰসকল চাপত থাকিবলগীয়া হৈছে৷ ভাৰতে দলটোৰ সেই দুর্বলতা কামত লগাব পাৰিলে মেচখন নিজৰ হাতলৈ অনাত সহায় হ’ব৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like