নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰণফান্দত পৰিণত হোমেন বৰগোহাঞি পথ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ প্রথিতযশা কথাশিল্পী প্রয়াত হোমেন বৰগোহাঞিৰ নামত উৎসর্গিত ৩নং ৰাজ্যিক ঘাইপথৰ নাৰেংগী–জাগীভকতগা সংযোগী পথটো মৰণফান্দত পৰিণত হৈছে৷ প্রায় ৫০.৮৬ কিলোমিটাৰ দৈর্ঘ্যৰ এই পথছোৱাৰ বহু অংশত এতিয়া প্রকাণ্ড প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ সদাব্যস্ত এই পথটোৰ নাৰেংগীৰ পৰা পানীখাইতীলৈকে বিভিন্ন স্থানত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হোৱাৰ লগতে এজাক বৰষুণতে পথটোৰ বহু অংশত কৃত্রিম বানৰ সৃষ্টি হয়৷ পথটো জৰাজীর্ণ হৈ পৰাত প্রায়ে সংঘটিত হৈ আহিছে সৰু–বৰ পথ দুর্ঘটনা৷ ঠিকাদাৰী প্রতিষ্ঠান লুইত কনষ্ট্রাকচন আৰু ছুইটী কনষ্ট্রাকচনৰ নিম্নমানৰ কামৰ বাবে মুকলিৰ মাত্র ১০টা মাহৰ ভিতৰতে পথটো যাতাযাতৰ বাবে অনুপযোগী হৈ পৰিছে৷ সদাব্যস্ত এই পথটোৰে প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ চন্দ্রপুৰ, মায়ং, পবিতৰা অভয়াৰণ্য, মৰিগাঁও জিলাকে ধৰি বিভিন্ন অঞ্চললৈ যোৱা মূল পথ হিচাপে ব্যৱহাৰ হৈ আহিছে৷ এই পথটো মৰিগাঁও সংযোগ কৰিব পৰা গুৱাহাটী–যোৰাবাটৰ এটা বিকল্প পথ হিচাপে বিশেষ গুৰুত্ব বহন কৰি আহিছে৷

হোমেন বৰগোহাঞিৰ দৰে এগৰাকী স্বনামধন্য কথাশিল্পীৰ নামত উৎসর্গিত জৰাজীর্ণ পথটোৰে প্রতিদিনে হাজাৰ হাজাৰ লোকে যাতনা ভোগ কৰি যাতায়াত কৰি আহিবলগীয়া হৈছে৷ নাৰেংগীৰ পৰা বোন্দালৈকে চাৰিলেনযুক্ত এই পথটো নির্মাণ কৰিছিল লুইত কনষ্ট্রাকচনে৷ পথটো নির্মাণৰ সময়ৰে পৰা ঠিকাদাৰী প্রতিষ্ঠানে নিম্নমানৰ কাম কৰাৰ লগতে পথ নির্মাণত বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল বিভিন্ন দল–সংগঠনে৷ পথ নির্মাণত হোৱা বিসংগতিৰ বিৰোধিতা কৰি আছু, ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কৰি বহুবাৰ প্রতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু ৰাইজ, দল–সংগঠনৰ প্রতিবাদৰ পাছতো ঠিকাদাৰী প্রতিষ্ঠানে নিম্নমানৰ কামেৰে পথটোৰ নির্মাণ সম্পূর্ণ কৰিছিল৷ পথটো মুকলি হোৱাৰ এটা বছৰ নৌহওঁতেই পথটোৰ বিভিন্ন স্থানত পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাত চন্দ্রপুৰ আছু আৰু স্থানীয় ৰাইজে লোকনির্মাণ বিভাগক পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ বহুবাৰ আবেদন–নিবেদন জনাইছিল৷ কিন্তু দল–সংগঠনৰ আবেদন–নিবেদনৰ পাছতো লোকনির্মাণ বিভাগে জৰাজীর্ণ হোমেন বৰগোহাঞি পথটো মেৰামতি কৰাৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ যাৰ ফলত জৰাজীর্ণ পথটোৰে প্রতিদিনে হাজাৰ হাজাৰ লোকে দুর্ভোগ ভুগি যাতায়াত অব্যাহত ৰাখিছে৷ হোমেন বৰগোহাঞিৰ নামত উৎসর্গা কৰা পথটোৰে সুচল যাতায়াত ব্যৱস্থা প্রদান কৰিবলৈ লোক নির্মাণ বিভাগ আৰু ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like