নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ছুপাৰ ফ’ৰৰ হাইভ’ল্টেজ মেচত ভাৰত–পাকিস্তান

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰ : এছিয়া কাপৰ ছুপাৰ ফ’ৰত কাইলৈ পুনৰ মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ শ্রীলংকাৰ আৰ প্রেমদাসা ষ্টেডিয়ামত হ’বলগীয়া এই হাইভ’ল্টেজ মেচখনক লৈ বিশ্ববাসীয়ে অধীৰ আগ্রহেৰে বাট চাই আছে যদিও বৰষুণে মেচখনত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে শ্রীলংকাৰ বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে যে কলম্বোত কাইলৈ ৯০ শতাংশই বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে মেচখনৰ বাবে এছিয়ান ক্রিকেট কাউন্সিলে সোমবাৰৰ দিনটো ৰিজার্ভ ডে হিচাপে ৰাখিছে৷ মন কৰিবলগীয়া যে চলিত প্রতিযোগিতাখনৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ লীগ মেচখনতো বৰষুণে বিঘিনি ঘটাইছিল আৰু ইয়াৰ ফলত মেচখন পৰিত্যক্ত হয়৷ ইফালে, কাইলৈৰ এই হাইভ’ল্টেজ মেচখনৰ পূর্বে মূল একাদশ গঠনক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় শিবিৰ৷ আঘাতৰ পৰা সম্পূর্ণ সুস্থ হৈ উঠিছে উইকেটকীপাৰ–তাৰকা বেটাৰ লোকেশ ৰাহুল৷ ইফালে, পাকিস্তানৰে খেলা লীগ মেচখনত উইকেটকীপাৰ–বেটাৰ ঈশান কিশনে সুন্দৰ বেটিং প্রদর্শন দাঙি ধৰিছিল৷ গতিকে কাইলৈৰ মেচখনৰ মূল একাদশত স্থান লাভৰ বাবে ৰাহুল আৰু ঈশানৰ মাজত যুঁজ চলাটো খাটাং৷ অৱশ্যে ৰাহুল আৰু ঈশানৰ অন্তর্ভুক্তিক লৈ এতিয়ালৈকে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ কাইলৈৰ মেচখনক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে ভাৰতীয় দলটোৱে৷ পাক দলটোৰে খেলা লীগ মেচখনত আগশাৰীৰ বেটাৰসকল সম্পূর্ণ ৰূপে ব্যর্থ হৈছিল৷ কাইলৈৰ মেচখনত যাতে সেই ধাৰা অব্যাহত নাথাকে তাৰ প্রতি বিশেষ প্রস্তুতি চলাইছে ভাৰতীয় দলটোৱে৷ পাক দলটোৰ তাৰকা বলাৰ শ্বাহিন শ্বাহ আফ্রিদী দুর্দান্ত ফর্মত আছে৷ লীগ মেচখনত শ্বাহিনে ভাৰতীয় বেটিঙৰ লাইনআপ লণ্ড-ভণ্ড কৰি দিছিল৷ সেয়েহে কাইলৈ শ্বাহিনৰ বাবে বিশেষ ৰণনীতি তৈয়াৰ কৰিছে ৰোহিত বাহিনীয়ে৷ ইফালে, কাইলৈৰ মেচখনত জয়লাভ কৰি প্রতিযোগিতাখনৰ ফাইনেলত স্থান নিশ্চিত কৰিব বিচাৰিছে পাকিস্তানে৷ খেলৰ সময় : দুপৰীয়া ৩ বজা৷

You might also like