নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রযান–২ অৰবিটৰ-প্ৰেৰিত লেণ্ডাৰ বিক্রমৰ ফটো প্ৰকাশ ইছৰোৰ

বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰ : চন্দ্রৰ দক্ষিণ মেৰুপৃষ্ঠত বিশ্বৰ প্রথম দেশ হিচাপে চন্দ্রযান–৩ অৱতৰণ কৰোৱাই অভিলেখ গঢ়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে আজি পুনৰ বিক্রম লেণ্ডাৰৰ নতুন আলোকচিত্র প্রচাৰ কৰিছে৷ চন্দ্রপৃষ্ঠত বিক্রম লেণ্ডাৰৰ অৱতৰণ আৰু অৱতৰণৰ প্রাক্মুহূর্তৰ আলোকচিত্র চন্দ্রযান–২ অৰবিটৰে সংগ্রহ কৰি ইছৰোলৈ প্রেৰণ কৰিছিল৷ সেই আলোকচিত্রই আজি ইছৰোৱে সামাজিক মাধ্যমযোগে প্রচাৰ কৰাৰ পিছতেই বিশ্বজুৰি এই আলোকচিত্রক লৈ চর্চা হৈছে৷ কিয়নো চন্দ্রযান–২ অভিযানৰ লেণ্ডাৰ চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও চন্দ্রৰ কক্ষপথত এতিয়াও চন্দ্রযান–২ অৰবিটৰ সক্রিয় হৈ আছে৷ সেই অৰবিটৰেই যোৱা ৬ ছেপ্টেম্বৰত ডুৱেল ফ্রিকুৱেঞ্চি ছিনথেটিক এপাছাৰ ৰাডাৰ (ডিএফএছএআৰ)ৰে চন্দ্রযান–৩ লেণ্ডাৰৰ ফটো তুলি ইছৰোলৈ প্রেৰণ কৰিছিল ৷

You might also like