নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ চতুর্থ টি–২০

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত চলিত টি–২০ শৃংখলাৰ চতুর্থখন মেচ আমেৰিকাত আজি অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোত ভাৰতে ২–১ ব্যৱধানত অগ্রগতি অর্জন কৰিছে৷ আজি মেচখনত জয়লাভ কৰিব পাৰিলেই ভাৰতে শৃংখলা দখল কৰিবলৈ সক্ষম হ’ব৷ শৃংখলাৰ প্রথম তিনিখন মেচ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱাৰ পিছত অন্তিম দুখন মেচ খেলিবৰ বাবে দুয়োটা দল ফ্ল’ৰিডালৈ গৈছে৷ আজি আমেৰিকাত থকা প্রবাসী ভাৰতীয়সকলৰ সন্মুখত ৰোহিত বাহিনীয়ে প্রতিদ্বন্দ্বিতাত নামিব৷ লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ প্রতি লক্ষ্য ৰাখি দেশখনত ক্রিকেটৰ জনপ্রিয়তা বৃদ্ধিৰ বাবে দুখন মেচ আমেৰিকাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

সেই অনুসৰি পাঁচখনীয়া শৃংখলাৰ অন্তিম দুখন মেচ খেলোৱা হ’ব আমেৰিকাত৷ ইয়াৰে এখন মেচত জয়লাভ কৰিব পাৰিলেই ভাৰতে শৃংখলা দখল কৰিবলৈ সক্ষম হ’ব৷ আসন্ন টি–২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল গঠনৰ বাবে এই শৃংখলাটো গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ এই ভ্রমণৰ পৰাই বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ খেলুৱৈসকল নির্বাচিত কৰিব ৰাষ্ট্রীয় নির্বাচকে৷ সেইবাবে শ্রেয়াছ আয়াৰ, দীপক হুদা আদিৰ ওপৰত দৃষ্টি ৰাখিছে নির্বাচকসকলে৷ ইপিনে, মেচ দুখনৰ বাবে সুস্থ হৈ উঠিছে অধিনায়ক ৰোহিত শর্মা৷ আঘাতৰ বাবে তেওঁ অনিশ্চিত হৈ আছিল যদিও তেওঁক সম্পূর্ণৰূপে সুস্থ বুলি ঘোষণা কৰা হৈছে৷
খেলৰ সময়ঃ নিশা ৮ বজা৷

You might also like