নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত আগষ্টত উৎক্ষেপণ কৰা হ’ব ৭৫ ছাত্রীয়ে নির্মাণ কৰা কৃত্রিম উপগ্রহ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে দেশৰ ৭৫খন বিদ্যালয়ৰ ৭৫০জনী ছাত্রীয়ে নির্মাণ কৰি উলিওৱা ৮ কিলোগ্রাম ওজনৰ কৃত্রিম উপগ্রহ এটা আগন্তুক ৭ আগষ্টত মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব৷ শ্রীহৰিকোটাৰ সতীশ ধাৱন স্পেচ চেণ্টাৰ (এছডিএছচি)ৰ পৰা এছএছএলভিত এই কৃত্রিম উপগ্রহটো প্রেৰণৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷

ইণ্ডিয়ান নেচনেল স্পেচ প্রমোচন এণ্ড অথ’ৰাইজেচন চেণ্টাৰৰ তৰফৰ পৰা  ছ’চিয়েল মিডিয়া টুইটাৰযোগে সদৰী কৰা হৈছে এই তথ্য৷ ইতিমধ্যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ তৰফৰ পৰা এই কৃত্রিম উপগ্রহটো উৎক্ষেপণ কৰাৰ দৃশ্য উপভোগ কৰিবলৈ এছডিএছচিৰ গেলাৰীত দর্শক হিচাপে উপস্থিত থকাৰ বাবে সাধাৰণ নাগৰিকক আমন্ত্রণ জনোৱা হৈছে৷ স্মর্তব্য যে দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী স্মৰণীয় কৰাৰ বাবে এয়াও এক প্রয়াস৷

You might also like