অক্ষয়-অশ্বিনৰ যাদুকৰী বলিং, তৃতীয় টেষ্টত জয়ী ভাৰত
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চলি থকা তৃতীয়খন টেষ্ট মেচত বিজয়ৰ হাঁহি মাৰিলে ভাৰতে। ইংলেণ্ডক ১০ উইকেটত হৰুৱায় ভাৰতে। ইংলেণ্ড দলটোৱে দিয়া মাত্ৰ ৪৯ ৰানৰ লক্ষ্য অতিক্ৰম কৰে ভাৰতৰ ৰোহিত শৰ্মা (২৫) আৰু শুভমন গীলে (১৫)। কিন্তু খেলৰ মূল যাদুকৰ আছিল অক্ষৰ পেটেল আৰু ৰবিচন্দ্ৰন অশ্বিন।
ভাৰতে প্ৰথম ইনিংছত ৩৩ ৰানৰ নেতৃত্ব লোৱাৰ পিছত ইংলেণ্ড মাত্ৰ ৮১ ৰানত হয় অল আউট। অক্ষৰ পেটেলে প্ৰথম ইনিংছৰ দৰে দ্বিতীয় ইনিংছত পাঁচটা উইকেট লয়। অশ্বিনে লয় ৪ টা উইকেট। ৱাশ্বিংটন সুন্দৰে জিমি এণ্ডাৰচনক শেষত আউট কৰে।
ইংলেণ্ডতকৈ মাত্ৰ ৩৩ ৰানত আগবাঢ়ি থকা ভাৰতৰ অক্ষৰ পেটেল আৰু অশ্বিনৰ আক্ৰমণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হয় ইংলেণ্ড। অক্ষৰ পেটেলে ইনিংছৰ প্ৰথম অভাৰত জেক ক্ৰিলি আৰু জনি বেয়াৰষ্ট্ৰোক শূন্য ৰানত আউট কৰে। ইয়াৰ পিছত ডম ছিবলে, জো ৰুট আৰু বেন ফকছক আউট কৰে পেটেলে।
ৰবিচন্দ্ৰন অশ্বিনে বেন ষ্টোক, অলি পোপ, জোফ্ৰা আৰ্ছাৰ আৰু জেক লীচৰ উইকেট দখল কৰে। উল্লেখ্য ভাৰতে প্ৰথম ইনিংছত ১৪৫ ৰান কৰাৰ বিপৰীতে ১২২ ৰান কৰি ইনিংছ সামৰে। ইয়াৰ পিছত ৩৩ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ অহা ইংলেণ্ডে অক্ষৰ-অশ্বিনৰ বলত ধাৰাশায়ী হয় মাত্ৰ ৪৯ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক।
ভাৰতৰ হৈ ৰোহিত শৰ্মা আৰু শুভমন গীলে বেটিং কৰি ৪৯ ৰানৰ লক্ষ্য অতিক্ৰম কৰে। উল্লেখ্য, ৪খনীয়া মেচত ২-১ত আগবাঢ়ি আছে ভাৰত।