নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটী নগৰ সমিতিৰ দুখন সভাত জনতাক সম্বোধন ৰিণিকি ভূঞা শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আজি উত্তৰ গুৱাহাটীৰ দুখনকৈ সভাত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজসেৱী ৰিণিকি ভূঞা শৰ্মাই। উত্তৰ গুৱাহাটী নগৰ সমিতিৰ ৩ আৰু ৪ নং ৱাৰ্ডত অনুষ্ঠিত এই সভা প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ ভৱন আৰু আনন্দৰাম বৰুৱা বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়।

উত্তৰ গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে অসংখ্য জনতাই ৰিণিকি ভূঞা শৰ্মাক নৃত্য-গীতেৰে শোভাযাত্ৰা কৰি সভাস্থলীলৈ আদৰি নিয়ে।

সভাস্থলীত সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট উদ্যোগী মহিলা ৰিণিকি ভূঞা শৰ্মাই কয়- ‘ভাৰতীয় জনতা পাৰ্টীৰ উদ্দেশ্য হৈছে সকলোৰে সৈতে সকলোৰে বিকাশ। এই কথা সাৰোগত কৰি দলটো আগবাঢ়িছে আৰু আজি অসমৰ অন্য সমষ্টিৰ দৰে জালুকবাৰী সমষ্টিয়েও বিকাশৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। এতিয়া নিৰ্বাচনৰ সময়ত দলটোৰ সকলো কৰ্মীয়ে একগোট হৈ দলটোৰ উদ্দেশ্য ফলৱতী হোৱাৰ বাবে সাজু হ’ব লাগিব।’

উল্লেখ্য, এই সভাতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট লোকে।

You might also like