গাদ্দাফি ষ্টেডিয়ামত ভাৰতীয় পতাকা কঢ়িওৱা অনুৰাগীক হাৰাশাস্তি
নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ চেম্পিয়নছ ট্রফীৰ সময়ছোৱাত পাকিস্তানৰ ষ্টেডিয়ামত ভাৰতৰ পতাকা উৰুওৱা ঘটনাক লৈ সম্প্রতি সৃষ্টি হৈছে ব্যাপক বিতর্ক৷ ভাৰতীয় জাতীয় পতাকা লৈ লাহোৰ ষ্টেডিয়ামত প্রৱেশ কৰা এজন দর্শকক আটক কৰি প্রহাৰ কৰাৰ অভিযোগ পোহৰলৈ আহিছে৷ এই ঘটনাৰ পিছত প্রশ্ন উত্থাপন হৈছে যে ক্রিকেট অনুৰাগীসকলো পাকিস্তানত সুৰক্ষিত নহয়নে? লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত সোমবাৰে চলি আছিল নিউজিলেণ্ড আৰু বাংলাদেশৰ মাজত চেম্পিয়নছ ট্ৰফী মেচখন৷ মেচখনত বাংলাদেশৰ পৰাজয়ৰ পিছত আয়োজক পাকিস্তানৰ প্রতিযোগিতাখনৰ পৰা বিদায় নিশ্চিত হৈ পৰে৷ উক্ত মেচখনত সংঘটিত হৈছিল এটা বিতর্কিত ঘটনা৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে ভাৰতীয় পতাকা লোৱা এজন লোকক ষ্টেডিয়ামৰ পৰা উলিয়াই অনা হৈছে৷ মানুহজনে পিন্ধিছিল ক’লা জেকেট, টুপী আৰু ছানগ্লাছ৷ ভাইৰেল ভিডিঅ’টোত নিৰাপত্তাৰক্ষীয়ে মানুহজনক টানি উলিয়াই অনা দেখা গৈছে৷ জানিব পৰা মতে, লোকজনক আটক কৰি প্রহাৰো কৰে৷ ইয়াৰ লগে লগে আৰম্ভ হয় বিতর্ক৷ মুঠৰ ওপৰত উত্তেজনা তুংগত৷ ভাৰতীয় পতাকা কঢ়িয়াই অনা এজন লোকক খেলপথাৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ অভিযোগক লৈ বিতর্ক বাঢ়িছে৷