WTCত ভাৰতৰ অৱনমন, ক্লাইমেক্সেই প্ৰশস্ত কৰাব ফাইনেলৰ পথ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ ডিচেম্বৰঃ মেলবৰ্ণ টেষ্টত ভাৰতক পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াই। ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ১৮৪ ৰানৰ বৃহৎ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। একে সময়তে এই পৰাজয়ৰ পিছত ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ আশাত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। যদিও ভাৰতীয় দল পইণ্ট তালিকাত তৃতীয় স্থানত আছে, কিন্তু শতাংশ পইণ্ট হ্ৰাস পাইছে। এই পৰাজয়ৰ পিছতো টীম ইণ্ডিয়াৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ আশা অক্ষত আছে যদিও সমীকৰণটো অতি জটিল হৈ পৰিছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুল কিমান সলনি হৈছে? এতিয়া ভাৰতীয় দলটোৱে কেনেকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰে? আচলতে এতিয়া ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত জয়লাভ কৰিব লাগিব। ইয়াৰ বাহিৰেও ভাৰতে প্ৰাৰ্থনা কৰিব যাতে শ্ৰীলংকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। প্ৰথম টেষ্টত পাকিস্তানক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। ১১খন মেচত ৭খন জয়ৰ অন্তত ৭৭.৬৭ শতাংশ পইণ্টেৰে শীৰ্ষত আছে দক্ষিণ আফ্ৰিকা। ইয়াৰ পাছতে ১৬খন মেচত ৬১.৪৫ শতাংশ পইণ্টেৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া। দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ পিছতে তৃতীয় স্থানত আছে ভাৰত। ভাৰতৰ ৫২.৭৮ শতাংশ পইণ্ট। ১৪খন মেচত ৭খন জয়ৰ অন্তত ৪৮.২১ শতাংশ পইণ্টেৰে চতুৰ্থ স্থানত আছে নিউজিলেণ্ড। আনহাতে শ্ৰীলংকা পঞ্চম স্থানত আছে। শ্ৰীলংকাৰ ৪৫.৪৫ শতাংশ পইণ্ট। ইয়াৰ পিছত ইংলেণ্ড, বাংলাদেশ আৰু পাকিস্তানৰ পাল আহে। এই দলসমূহৰ ক্ৰমে ৪৩.১৮, ৩১.২৫ আৰু ৩০.৩ শতাংশ পইণ্ট। একে সময়তে এই তালিকাৰ অন্তিম স্থানত আছে ৱেষ্ট ইণ্ডিজ। ৱেষ্ট ইণ্ডিজৰ ১১খন মেচত ২ খন জয়। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ২৪.২৪ শতাংশ পইণ্টেৰে নৱম স্থানত আছে এই কেৰিবিয়ান দলটো।