নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ পদকঃ অলিম্পিকত ভাৰতৰ সর্বশ্রেষ্ঠ প্রদর্শন

 নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ অলিম্পিকৰ ইতিহাসত সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিলে ভাৰতে৷ ক’ৰোনাৰ আতংকৰ মাজতে জাপানৰ ৰাজধানী টকিঅ’ত পূর্ণগতিত চলি থকা বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত শনিবাৰে স্বর্ণপদক জয় কৰি অভিযান সামৰিলে ভাৰতে৷

টকিঅ’ত এটা স্বর্ণ, দুটা ৰূপ আৰু চাৰিটা ব্রঞ্জৰ পদক দখল কৰি মুঠ সাতটা পদক দখল কৰে আৰু অলিম্পিকৰ ইতিহাসত এয়াই হ’ল ভাৰতৰ সর্বশ্রেষ্ঠ প্রদর্শন৷

ইয়াৰ পূর্বে ২০১২ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিকত ভাৰতে মুঠ ছটা পদক দখল কৰিবলৈ সক্ষম হৈছিল৷ অৱশ্যে লণ্ডন অলিম্পিকত ভাৰতীয় এথলীটে এটাও স্বর্ণপদক দখল কৰিব পৰা নাছিল৷ শ্বুটিং আৰু মল্লযুঁজত ক্রমে বিজয় কুমাৰ আৰু সুশীল কুমাৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে শ্বুটিঙত গগন নাৰং, বেডমিণ্টনত ছাইনা নেহৱাল, মহিলাৰ বক্সিঙত এম চি মেৰীকম আৰু মল্লযুঁজত যোগেশ্বৰ দত্তই ব্রঞ্জৰ পদক লাভ কৰিছিল৷

আনহাতে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাৰতে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাছিল আৰু মাত্র দুটাহে পদক লাভ কৰিছিল৷ বেডমিণ্টনৰ মহিলাৰ ছিংগলছত পি ভি সিন্ধুৱে ৰূপ জিনাৰ বিপৰীতে মহিলাৰ মল্লযুঁজত সাক্ষী মালিকে ব্রঞ্জৰ পদক অর্জন কৰিছিল৷ কিন্তু টকিঅ’ত এইবাৰ ভাৰতীয় দলটোৱে পদকৰ সংখ্যা সাতটালৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷

আর্চাৰী, শ্বুটিং, বক্সিং আৰু মল্লযুঁজত ভাৰতীয় খেলুৱৈয়ে কেইবাটাও পদক দেশলৈ কঢ়িয়াই অনাৰ সম্ভাৱনা জগাই তুলিছিল যদিও মূৰকত সেয়া সম্ভৱপৰ হৈ নুঠিল৷ আর্চাৰী আৰু শ্বুটিঙত খালী হাতে উভতিবলগীয়া হয়৷ অৱশ্যে বক্সিঙত অসম কন্যা লাভলীনা বৰগোহাঁয়ে একমাত্র ব্রঞ্জৰ পদকটো লাভ কৰে৷

ইপিনে মল্লযুঁজত ৰবিকুমাৰ দাহিয়া আৰু বজৰং পুনিয়াই ব্রঞ্জৰ পদক লাভ কৰে৷ চলিত টকিঅ’ অলিম্পিকত ভাৰতে পদক লাভ কৰা আনকেইটা ইভেণ্ট হ’ল– পুৰুষ হকী, বেডমিণ্টন, ভাৰোত্তোলন আৰু পুৰুষৰ জেভলিন থ্র’৷ আজি সামৰণি পৰিবলগীয়া বিশ্বক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনৰ শনিবাৰে অনুষ্ঠিত ভাৰতৰ অন্তিমটো ইভেণ্ট পুৰুষৰ জেভলিন থ্র’ত নীৰজ চোপ্রাই ভাৰতক একমাত্র স্বর্ণপদকটো উপহাৰ দিয়ে৷

ইয়াৰ পূর্বে শনিবাৰে অনুষ্ঠিত পুৰুষ মল্লযুঁজৰ ৬৫ কেজি ফ্রীষ্টাইলৰ ব্রঞ্জৰ পদক যুঁজৰ মেচখনত বজৰং পুনিয়াই বিজয় সাব্যস্ত কৰি ভাৰতৰ পদকৰ সংখ্যা ছটালৈ বৃদ্ধি কৰে৷়

ইফালে সুদীর্ঘ ৪১ বছৰৰ পিছত ভাৰতীয় পুৰুষৰ হকী দলটোৱে ব্রঞ্জৰ পদক লাভ কৰাৰ লগতে অলিম্পিকৰ দ্বিতীয় দিনা মহিলাৰ ভাৰোত্তোলনত মীৰাবাঈ চানুৱে ৰূপৰ পদক জয় কৰি ভাৰতলৈ প্রথমটো পদক কঢ়িয়াই আনিছিল৷ মহিলাৰ বেডমিণ্টনৰ ছিংগলছত পি ভি সিন্ধুৱে ব্রঞ্জৰ পদক দখল কৰিছিল৷

মন কৰিবলগীয়া যে টকিঅ’ত মুঠ সাতটা পদক দখল কৰি ভাৰতে বিশ্বক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনৰ সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰি পদক তালিকাত এতিয়ালৈকে ৪৭সংখ্যক স্থানটো অধিকাৰ কৰি আছে৷

You might also like