নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অহা বছৰ আন্তর্জাতিক ক্রিকেট মেচ!

বিশেষ বাৰ্তা, ৩ জুলাই : বিশ্বকাপৰ সূচী ঘোষণাৰ পিছতে দেশজুৰি আৰম্ভ হৈছে তীব্র বিতর্ক৷ দেশৰ কেইবাখনো আগশাৰীৰ ষ্টেডিয়ামত অনুষ্ঠিত নহয় বিশ্বকাপৰ মেচ৷ ৰাজনৈতিক কাৰণতে এনে বঞ্চনাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে একাংশ ৰাজ্যই৷ এইবাৰ বঞ্চিত ৰাজ্যসমূহক নিয়ন্ত্রণ কৰিবলৈ ভাৰতীয় ক্রিকেট ব’র্ডে নতুন নীতি অৱলম্বন কৰিছে৷ ব’ৰ্ডৰ ফালৰ পৰা কোৱা হৈছে যে বিশ্বকাপৰ মেচ আয়োজনৰ সুযোগ নোপোৱা ৰাজ্যসমূহত অনুষ্ঠিত হ’ব দ্বিপাক্ষিক শৃংখলাৰ মেচ৷ উল্লেখ্য যে ম’হালি, নাগপুৰসহ কেইবাখনো জনপ্রিয় ক্রিকেট ষ্টেডিয়ামত বিশ্বকাপৰ মেচ অনুষ্ঠিত নহয়৷ ১৯৯৬ আৰু ২০১১ চনত অনুষ্ঠিত দুখনকৈ বিশ্বকাপৰ ছেমিফাইনেল খেল অনুষ্ঠিত হৈছিল ম’হালিত৷ কিন্তু এই বছৰ তাত কোনো আয়োজনৰ দায়িত্ব দিয়া হোৱা নাই৷ ইন্দোৰ, ৰাজকোট, নাগপুৰ, কটক, ৰাঁচী আদিয়ে বিশ্বকাপ আয়োজন কৰিব বিচাৰিছিল যদিও তেওঁলোকে সুযোগ নোপোৱাত অসন্তুষ্টি ব্যক্ত কৰিছে৷ অসম ক্রিকেট সন্থায়ো গুৱাহাটীত বিশ্বকাপৰ মেচ আয়োজনৰ বাবে আগ্রহ প্রকাশ কৰিছিল যদিও বর্ষাপাৰাত নহ’ব বিশ্বকাপৰ মেচ৷ ইয়াৰ পিছতে দেশৰ সকলো ৰাজ্যৰ ক্রিকেট সংস্থালৈ পত্র প্রেৰণ কৰিছে বি চি চি আইৰ সচিব জয় শ্বাহে৷ এই পত্রত তেওঁ উল্লেখ কৰিছে যে যিবোৰ ৰাজ্যই বিশ্বকাপৰ মেচ আয়োজনৰ দায়িত্ব পাইছে, তেওঁলোকে যেন আগন্তুক দ্বিপাক্ষিক শৃংখলাসমূহ আয়োজনৰ কথা নাভাবে৷ দুর্ভাগ্যজনকভাৱে যিবোৰ ৰাজ্যই বিশ্বকাপৰ মেচ আয়োজনৰ দায়িত্ব পোৱা নাই তেওঁলোকৰ কথা ভাবিয়েই এই সিদ্ধান্ত লোৱা হৈছে৷ উল্লেখ্য যে প্রস্তুতি মেচ আয়োজনৰ দায়িত্ব লাভ কৰা গুৱাহাটী আৰু তিৰুৱনন্তপুৰমক আগন্তুক দ্বিপাক্ষিক শৃংখলাৰ মেচ দিয়া হ’ব বুলি জনাইছে সচিব জয় শ্বাহে৷ সেই অনুসৰি বিশ্বকাপৰ পিছত হ’বলগীয়া আন্তর্জাতিক মেচৰ সুযোগ গুৱাহাটীয়ে লাভ কৰাটো নিশ্চিত৷

You might also like