নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত নেখেলে মালিংগাই

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণৰ পৰা নাম প্রত্যাহাৰ কৰিলে মুম্বাই ইণ্ডিয়ানছৰ শ্রীলংকাৰ প্রবীণ পেচ বলাৰ লাছিথ মালিংগাই৷ ব্যক্তিগত কাৰণৰ বাবেই মালিংগাই বি চি চি আইৰ প্রতিযোগিতাখনত নেখেলাৰ সিদ্ধান্ত গ্রহণ কৰে৷

মালিংগাৰ স্থানত অষ্ট্রেলিয়াৰ পেচ বলাৰ জেমছ পেটিনছনক মুম্বাই ইণ্ডিয়ানছত অন্তর্ভুক্ত কৰা হয় বুলি মুম্বাই ইণ্ডিয়ানছৰ এক বিবৃতিত আজি এই কথা সদৰী৷ অষ্ট্রেলিয়াৰ পেচ বলাৰগৰাকীয়ে এই সপ্তাহতে সম্প্রতি আবুধাবিত থকা মুম্বাই ইণ্ডিয়ানছ দলটোৰ সৈতে যোগদান কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে পেটিনছনে ইয়াৰ পূর্বে আই পি এলত কলকাতা নাইট ৰাইডার্ছৰ হৈ খেলিছিল৷

উল্লেখ্য যে শ্রীলংকাৰ প্রবীণ পেচ বলাৰ লাছিথ মালিংগা হ’ল আই পি এলৰ ইতিহাসত সর্বাধিক উইকেট দখল কৰা প্রথমগৰাকী বলাৰ৷ বিগত ছিজনত মুম্বাই ইণ্ডিয়ানছক চেম্পিয়ন কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা মালিংগাই এতিয়ালৈকে প্রতিযোগিতাখনত ১৭০টা উইকেট দখল কৰিছে৷

You might also like