আই পি এলত নেট ব’লাৰ হিচাপে নিৰ্বাচিত ডিব্ৰুগড়ৰ মুক্তাৰ হুছেইন
নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত নেট বলাৰ হিচাপে নিৰ্বাচিত হৈছে ডিব্ৰুগড়ৰ প্ৰতিভাসম্পন্ন খেলুৱৈ মুক্তাৰ হুছেইনৰ লগতে অসমৰ আন তিনিগৰাকী বেগী বলাৰ । মুক্তাৰ হুছেইনে চানৰাইজাৰ্চ হায়দৰাবাদৰ টীমৰ হৈ আৰু লক্ষীমপুৰৰ জিতুমণি কলিতা, নগাঁৱৰ মৃন্ময় দত্ত আৰু শিলচৰৰ ৰাহুল সিং ৰাজস্হান ৰয়েলছ টীমৰ হৈ আই পি এলত নেট বলিং কৰিবলৈ সুযোগ লাভ কৰিছে ।
শেহতীয়াকৈ লাভ কৰা এই সু-খৱৰে অসমৰ ক্ৰীড়া জগতলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে বিগত তিনিবছৰ ধৰি চেন্নাইস্হিত এম আৰ এফ পেচ ফাউণ্ডেছনত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে মুক্তাৰে । ডিব্ৰুগড় ক্ৰিকেট ক্লাৱত নিয়মিত অনুশীলন চলাই অহা মুক্তাৰ হুছেইনে আৰম্ভণিতে ১৬ বছৰ অনুৰ্ধ বিজয় মাৰ্চেন্ট ট্ৰফীত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল । তেনেদৰে অসমৰ হৈ ২০১৭ ত বিজয় হাজাৰে ট্ৰফী আৰু ২০১৮-১৯ ত ৰঞ্জী ট্ৰফী খেলি আহিছে ডিব্ৰুগড়ৰ ২১ বছৰীয়া সোঁহতীয়া বেগী বলাৰগৰাকীয়ে । খেলুৱৈ গৰাকীয়ে ক’ভিড সম্পৰ্কীয় যাৱতীয় পৰীক্ষা সম্পাদন কৰি অহা ২১ আগষ্টত মুম্বাই আৰু ২৩ আগষ্টত মুম্বাইৰ পৰা হায়দৰাবাদৰ টীমটোৰ সৈতে গন্তব্যস্হান ডুবাইলৈ উৰা মাৰিব ।
লক্ষণীয় যে অসমৰ এই চাৰিওগৰাকী খেলুৱৈয়ে ভাৰতৰ লগতে বিশ্বৰ আগশাৰী খেলুৱৈসকলৰ সৈতে পোনপটীয়াকৈ অনুশীলন চলোৱাৰ সুযোগ লাভ কৰিব ।