নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ নিলামত দুই কোটিৰ তালিকাত শ্রেয়াছ-ধাৱন-কামিনছ-ৰাবাডা

নিয়মীয়া বাৰ্তা, 2 ফেব্রুৱাৰীঃ আই পি এলৰ মেগা নিলামত মুঠ ৫৯০গৰাকী ক্রিকেটাৰৰ নাম উত্থাপিত হ’ব৷ দেশ–বিদেশৰ এই ক্রিকেটাৰসকলক নিজৰ দলত পাবলৈ আই পি এলৰ ১০টা দলে অহা ১২–১৩ ফেব্রুৱাৰীত বেংগালুৰুত মেগা নিলামত যুঁজ দিব৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ১২১৪গৰাকী পঞ্জীভুক্ত খেলুৱৈৰ পৰা মুঠ ৫৯০গৰাকীক মেগা নিলামৰ বাবে অন্তর্ভুক্ত কৰে৷ আই পি এলৰ তৰফৰ পৰা আজি প্রকাশ পোৱা এই তালিকা অনুসৰি টীম ইণ্ডিয়াৰ তাৰকা শ্রেয়াছ আয়াৰ, শিখৰ ধাৱন, মহম্মদ ছামি, ভুবনেশ্বৰ কুমাৰ, য়ুজবেন্দ্র চাহাল আৰু শার্দূল ঠাকুৰে নিলামৰ সর্বাধিক দুই কোটি টকাৰ শীর্ষ তালিকাত স্থান লাভ কৰিছে৷ অষ্ট্রেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ মিচেল মার্শ্ব, অভিজ্ঞ বেটছমেন ষ্টিভেন স্মিথ, দক্ষিণ আফ্রিকাৰ তাৰকা বেগী বলাৰ কাগিছ’ ৰাবাডা আৰু বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ ছাকিব উল হাছানো দুই কোটি টকাৰ শীর্ষ তালিকাত অন্তর্ভুক্ত হৈছে৷

নিলামত নাম উত্থাপিত হ’বলগীয়া ৫৯০গৰাকী খেলুৱৈৰ ২২৮গৰাকীয়ে ইতিমধ্যে দেশৰ হৈ খেলিছে আৰু ৩৫৫গৰাকীয়ে এতিয়ালৈকে দেশৰ হৈ খেলাৰ সুযোগ পোৱা নাই৷ আই পি এলৰ তৰফৰ পৰা আজি প্রকাশ পোৱা চূড়ান্ত তালিকাত ভাৰতৰ ৩৭০, অষ্ট্রেলিয়াৰ ৪৭, ৱেষ্ট ইণ্ডিজৰ ৩৪, দক্ষিণ আফ্রিকাৰ ৩৩, নিউজিলেণ্ডৰ ২৪, ইংলেণ্ডৰ ২৪, শ্রীলংকাৰ ২৩, আফগানিস্তানৰ ১৭, বাংলাদেশৰ ৫, আয়াৰলেণ্ডৰ ৫, নামিবিয়াৰ ৩, স্কটলেণ্ডৰ দুই, নেপাল–আমেৰিকা–জিম্বা’ৱেৰ এগৰাকীকৈ খেলুৱৈয়ে স্থান লাভ কৰিছে৷

বেংগালুৰুত হ’বলগীয়া আই পি এলৰ মেগা নিলামত ভাৰতৰ শ্রেয়াছ আয়াৰ, শিখৰ ধাৱন, সুৰেশ ৰাইনাৰ লগতে দক্ষিণ আফ্রিকাৰ ফাফ ডু প্লেচিছ, কাগিছ’ ৰাবাডা, কুইণ্টন ডি কক, অষ্ট্রেলিয়াৰ ডেভিদ ৱার্নাৰ, পেট কামিনছ, ৱেষ্ট ইণ্ডিজৰ জেছন হল্ডাৰ আদিক ক্রয় কৰিবলৈ নিশ্চয়কৈ হেতা-ওপৰা লাগিব। ইফালে, অসমৰ একমাত্র ক্রিকেটাৰ হিচাপে ৰিয়ান পৰাগে আই পি এলৰ মেগা নিলামৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like