চিন্নাস্বামী ষ্টেডিয়ামত হ’ব আইপিএলৰ মেচ, কর্ণাটক চৰকাৰৰ সেউজ সংকেত
ডিজিটেল ডেস্ক, ১৭ মার্চ : আইপিএলৰ ১৯সংখ্যক ছিজনৰ পূর্বে বৃহৎ সকাহ লাভ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ৷ অৱশেষত কর্ণাটক চৰকাৰে এম চিন্নাস্বামী ষ্টেডিয়ামত খেল আয়োজনৰ অনুমতি প্রদান কৰিছে৷ দীর্ঘদিন ধৰি অনিশ্চয়তাৰ অন্তত আৰচিবিয়ে ঘৰুৱা ক্ষেত্রত আইপিএলৰ উদ্বোধনী মেচ খেলিবলৈ আৰু কোনো বাধা নাই৷ ফলত পুনৰ বেংগালুৰুলৈ ঘূৰি আহিবলৈ ওলাইছে আইপিএলৰ উত্তেজনা৷
কর্ণাটক ৰাজ্যিক ক্রিকেট সন্থাই কয় যে ৰাজ্য চৰকাৰে নিৰাপত্তা আৰু আন্তঃগাঁথনি পৰীক্ষা কৰি এই অনুমোদন দিছিল৷ এখন বিশেষজ্ঞ সমিতিয়ে ষ্টেডিয়ামৰ প্রস্তুতি আৰু নিৰাপত্তাৰ ব্যৱস্থা পর্যালোচনা কৰি প্রতিবেদন দাখিল কৰাৰ পিছতহে এই সেউজ সংকেত দিয়া হয়৷ সোমবাৰে তেওঁলোকৰ সৈতে বৈঠকৰ অন্তত কর্ণাটকৰ গৃহমন্ত্রী জি পৰমেশ্বৰে চিন্নাস্বামী ষ্টেডিয়ামত খেল আয়োজনৰ অনুমতি প্রদান কৰে৷ অর্থাৎ আইপিএলৰ ঘৰুৱা মেচ চিন্নাস্বামীত খেলিব পাৰিব৷ ২৮ মার্চত আইপিএলৰ ১৯সংখ্যক সংস্কৰণৰ উদ্বোধনী খেলখন ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু ছানৰাইজার্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব৷
বিগত বর্ষত আৰচিবিয়ে আইপিএলত চেম্পিয়ন হোৱাৰ পিছৰ পৰা চিন্নাস্বামী বিপদত পৰে৷ দলটোৰ বিজয় উদযাপনৰ সময়ত ষ্টেডিয়ামৰ বাহিৰত হুলস্থূলীয়া পৰিৱেশত ১১জন লোকৰ মৃত্যু হয়৷ এই ঘটনাৰ বাবে দীর্ঘদিন ধৰি বিতর্ক চলি আহিছিল৷ অৱশেষত চিন্নাস্বামীত খেলখন আয়োজন কৰিবলৈ চৰকাৰৰ পৰা অনুমতি লাভ কৰে আৰচিবিয়ে৷ ৩৫ হাজাৰ দর্শকে যাতে সুকলমে খেলপথাৰখনত প্রৱেশ কৰিব পাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ এইবাৰ চিন্নাস্বামী ষ্টেডিয়ামত আৰচিবিয়ে ৫খন মেচত ভাগ ল’ব৷
উদ্বোধনী খেলৰ উপৰি বেংগালুৰুত প্লে-অফ মেচ আৰু ফাইনেল খেলো অনুষ্ঠিত হোৱাৰ কথা৷ চিন্নাস্বামী সন্দর্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পিছত আৰচিবিয়েও ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে৷ তেওঁলোকে লিখিছে– ‘অৱশেষত চৰকাৰী ছীল লগোৱা হ’ল৷ এটা নতুন অধ্যায় উন্মোচন হ’বলৈ ওলাইছে৷ যাৰ ফলত উত্তেজনা বহুগুণ বৃদ্ধি পাব৷’