নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়াৰলেণ্ডৰ বিপক্ষে ডাবলিনত আজি প্রথম টি–২০

নিয়মীয়া বার্তা, ২৬ জুনঃ আজি হার্দিক পাণ্ডিয়াৰ নেতৃত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্রথম টি–২০ মেচত নামিব ভাৰত৷ ২৬ আৰু ২৮ জুনত ডাবলিনতে আয়োজন কৰা হৈছে শৃংখলাৰ দুয়োখন মেচ৷ কাইলৈ নিশা নতুন যুটি প্রশিক্ষক ভি ভি এছ লক্ষ্মণ আৰু অধিনায়ক পাণ্ডিয়াৰ তত্ত্বাৱধানত নামিব টীম ইণ্ডিয়া৷ এই অভিযানৰ আৰম্ভণি কালিয়েই কৰিলে লক্ষ্মণে৷ শনিবাৰে ডাবলিনত দলৰ অনুশীলনৰ সময়ত পৰামর্শ দিলে ভাৰতৰ অন্তর্ৱর্তী প্রশিক্ষকে৷

ইপিনে, লিচেষ্টাৰশ্বায়াৰৰ বিপক্ষে চাৰি দিনৰ প্রস্তুতি মেচ খেলি আছে ৰোহিতহঁতে৷ তাৰ কিছু দূৰত আয়াৰলেণ্ডত নতুন যুঁজৰ প্রস্তুতি চলাইছে হার্দিকহঁতে৷ মেচখনৰ আগদিনা ডাবলিনত টীম ইণ্ডিয়াৰ অন্তিম প্রস্তুতি সম্পূর্ণ কৰা হৈছে৷ ভাৰতীয় ক্রিকেট ব’র্ডে পোষ্ট কৰা ছবিত ভাৰতীয় দলক লক্ষ্মণে পৰামর্শ দিয়া দেখা গৈছে৷ বাধ্য ছাত্রৰ দৰে মনোযোগেৰে প্রশিক্ষকৰ পৰামর্শ গ্রহণ কৰিছে ভাৰতৰ নতুন নেতাই৷

উল্লেখ্য যে ৰাহুল দ্রাবিড়ে বার্মিংহাম টেষ্টত দলৰ সৈতে ব্যস্ত থকা বাবে আয়াৰলেণ্ডলৈ প্রশিক্ষক হিচাপে গৈছে ভি ভি এছ৷  আয়াৰলেণ্ডত প্রথমবাৰ অনুশীলনত নামি পৰে ভাৰতীয় দল৷ আইৰিছ চহৰত উপস্থিত হোৱাৰ পিছত ছুটী উপভোগ কৰা দেখা গৈছিল ঈশান কিশন, দীনেশ কার্তিকহঁতক৷ শেহতীয়াকৈ দক্ষিণ আফ্রিকা শৃংখলা শেষ কৰি আয়াৰলেণ্ডলৈ আহিছে ভাৰতীয় দল৷ চাৰি বছৰৰ পিছত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত নামিব হার্দিক বাহিনী৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাৰ প্রথম দুখন মেচত পৰাজয়ৰ পিছত দুর্দান্ত প্রত্যাৱর্তন ঘটাইছিল ভাৰতে৷ আয়াৰলেণ্ডৰ বিৰুদ্ধেও বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব বিচাৰে পাণ্ডিয়াৰ দলে৷

খেলৰ সময়ঃ নিশা ৯ বজা৷

You might also like