আইএছএল : গুৱাহাটীত আজি নর্থ-ইষ্টৰ সন্মুখত পঞ্জাব এফচি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ ক্রমাগত তিনিখন মেচত অপৰাজেয় হৈ থকা নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে চলিত আইএছএলৰ আজি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পঞ্জাব এফচিৰ বিৰুদ্ধে নিজৰ পঞ্চদশ মেচখন খেলিব৷ উল্লেখ্য যে পঞ্জাব এফচিয়ে একেৰাহে চাৰিখন মেচত পৰাস্ত হৈ গুৱাহাটীলৈ আহিছে৷ স্বাভাৱিকতে আত্মবিশ্বাসী ঘৰুৱা দলটোৰ বিৰুদ্ধে চাপত থাকিব পঞ্জাব৷ নর্থ–ইষ্ট ইউনাইটেডে ১৪খন খেলত ২২ পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে৷ ইফালে, ছিজনত সুন্দৰ আৰম্ভণি কৰা পঞ্জাব দলে ১৩খন খেলত ১৮ পইণ্ট লাভ কৰি অষ্টম স্থানত আছে৷ নর্থ–ইষ্ট ইউনাইটেড আৰু পঞ্জাব এফচি এতিয়ালৈকে তিনিবাৰকৈ মুখামুখি হৈছে৷ ইয়াৰে এখন খেল ড্র হোৱাৰ বিপৰীতে উভয় দলে এখনকৈ মেচত জয়লাভ কৰিছে৷ ক্লীনশ্বীট ৰাখিব পাৰিলে আইএছএলত ক্রমাগত তিনিখনত এই ফলাফল প্রথমবাৰৰ বাবে পাব নর্থ–ইষ্ট ইউনাইটেডে৷ আজিৰ মেচক লৈ নর্থ–ইষ্ট ইউনাইটেডৰ মুখ্য প্রশিক্ষক জুৱান পেড্র’ বেনালিয়ে কয় ‘আমি আগতীয়াকৈ শক্তিশালী ফিনিচিং প্রবৃত্তি গ্রহণ কৰাটো প্রয়োজন৷ আমাৰ সমস্যাটো হ’ল কেতিয়াবা আমি আগুৱাই যাবলৈ পাহৰি যাওঁ৷ এয়া মূল সমস্যা৷ আমি আগবাঢ়ি যাবলৈ শিকিব লাগিব৷ অৱশ্যে আমি বহুত ভাল খেলি আছোঁ৷’ ইফালে, পঞ্জাবৰ মুখ্য প্রশিক্ষক পানাজি’টিছ ডিলম্পেৰিছে স্বীকাৰ কৰে যে দলৰ শেহতীয়া ফলাফলৰ পিছত এতিয়া উন্নতিৰ প্রয়োজন৷ ‘যেতিয়া এটা দলে ফলাফল নাপায়, তেতিয়া ইয়াৰ কাৰণ হ’ল আমি আমাৰ গেমপ্লেনৰ কিছু অংশ বিকশিত কৰিব লাগিব৷ অজুহাতৰ পৰিৱর্তে নিজকে উন্নত কৰিব লাগিব৷’ ডিলম্পেৰিছে কয়৷
খেলৰ সময়ঃ নিশা ৭.৩০ বজা৷