ভাৰতত থকাটো ভয়ানক হৈ পৰিছিলঃ ৱার্নাৰ
নিয়মীয়া বাৰ্তা ৩ জুনঃ নিজ গৃহত উপস্থিত হৈ ভাৰতত ক’ৰোনাৰ ভয়াৱহতাৰ সন্দর্ভত মত প্রকাশ কৰিলে ছানৰাইজার্ছ হায়দৰাবাদৰ প্রাক্তন অধিনায়ক ডেভিদ ৱার্নাৰে৷ আই পি এলত অংশ লৈ থকাৰ সময়ত ভাৰতত ক’ৰোনাৰ ভয়াৱহতা দিনকদিনে বৃদ্ধি পাইছিল আৰু অক্সিজেনৰ অভাৱত জনসাধাৰণে হাহাকাৰ কৰি আছিল আৰু সেই সময়ত ভাৰতত থকাটো ভয়ানক আছিল বুলি মন্তব্য কৰে অষ্ট্রেলিয়ান ক্রিকেটাৰগৰাকীয়ে৷