নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোভিড সাহায্যৰ নামত মৰিগাঁৱত ব্যাপক অনিয়মৰ অভিযোগঃ প্ৰতিটো পৰিয়ালক ২ হাজাৰ টকাৰ খাদ্যৰ যোগানৰ চৰকাৰী নিৰ্দেশক বুঢ়া আঙুলি

নিয়মীয়া বাৰ্তা ৩ জুনঃ ৰাজ্যত কোভিড পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাৰ্ফিউ ঘোষণা কৰাৰ পিছতে দৰিদ্ৰ শ্ৰমজীৱী কোভিড আক্ৰান্ত লোক সকলৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তৎকালীন ভাবে কনটেণ্টমেণ্ট জন ত অথবা পৃথকী কৰণ হৈ থকা দৰিদ্ৰ সীমাৰেখা ৰ তলৰ পৰিয়ালসমূহক ২হাজাৰ টকা মূল্যৰ খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ বাবে প্ৰতিখন জিলাৰ প্ৰশাসন ক নিৰ্দেশ দিছিল। সেই অনুসৰি মৰিগাঁৱ জিলাৰ অন্যান্য ৰাজহ চক্ৰৰ লগতে মৰিগাঁৱ ৰাজহ চক্ৰ এলেকাটো এই খাদ্য যোগান পৰ্ব চলি আছে। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ বিপৰীতে মৰিগাঁও ৰাজহ চক্ৰত দেখা গৈছে উক্ত সামগ্ৰী বিতৰণ ৰ নামত এটি মধ্য ভুগি চক্ৰ তথা যোগান ধৰা লোক সকলে ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে।

দুখীয়াৰ মুখৰ ভাত কাঢ়ি আনিবলৈ কুণ্ঠাবোধ নকৰা এই চক্ৰ টুৱে অসম চৰকাৰ ৰ নিৰ্দেশ অনুসৰি যি ধৰণে ২ হাজাৰ টকাৰ খাদ্য তথা অন্যান্য সামগ্ৰী যোগান ধৰিব লাগে তাৰ বিপৰীতে প্ৰতিটো পৰিয়ালৰ নামত যোগান দিছে নিম্ন মানদণ্ডৰ চাউল ১৫ কিলোগ্ৰাম, মাত্ৰ ১ লিটাৰ নিৰজ ব্ৰেণ্ডৰ মিঠাতেল, আধা লিটাৰ আমূল তাজা গাখীৰৰ পেকেট, ১০ টকা মূল্যৰ বিস্কুট, ছয়াৱিন,চাহপাত,নিমখ, টুথপেস্ট,গা ধোৱা চাবোন,কাপোৰ ধোঁৱা চাবোন, ইত্যাদি কিছু সামগ্ৰীৰ পেকেট যাৰ মূল্য আনুমানিক ১ হাজাৰ টকাত কৈ কম মূল্যৰ সামগ্ৰী। ৰহস্য জনক ভাবে মৰিগাঁৱ ৰাজহ চক্ৰ ৰ বিষয়া মুনমী কলিতাক এই বিষয়ে অৱগত কৰাত গা এৰা মন্তব্য দিয়া পৰিলক্ষিত হয়। অথচ মুখ্যমন্ত্ৰী ৰ নিৰ্দেশৰ পিছতে অসম চৰকাৰৰ যোগান বিভাগে কোভিড সাহায্য ৰ বাবে দিব লগীয়া খাদ্য সামগ্ৰী আৰু অন্যান্য সামগ্ৰীৰ তালিকা আৰু নিৰীখ ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে।

সেই অনুসৰি দৰিদ্ৰ পৰিয়াল প্ৰতিটো ৰ নামত ১৫কিলোগ্ৰাম উন্নত মানদণ্ডৰ চাউল যাৰ মূল্য ৫০০ টকা, উন্নত মানৰ দাইল ২ কিলোগ্ৰাম যাৰ মূল্য ৩০০ টকা,২ লিটাৰ মিঠাটেল মূল্য৩০০ টকা,নিমখ ৩০ টকা,আলু ৫ কিলোগ্ৰাম মূল্য ১৫০টকা,পিয়াজ ২ কিলোগ্ৰাম মূল্য১২০ টকা,গাখীৰ, শাক পাচলি আৰু অন্যান্য নিত্য ব্যৱহাত্য সামগ্ৰী ৩০০ টকা , কণী তথা অন্যান্য সামগ্ৰীৰ বাবে ৩০০ টকা সহ মুঠ ২ হাজাৰ টকাৰ সামগ্ৰী প্ৰদান কৰিব লাগে।মৰিগাঁৱ ৰাজহ চক্ৰৰ কেবাটাও স্থানত হিতাধিকাৰী পৰিয়ালক কেইবিধ মান সামগ্ৰী তাকো কম পৰিমাণে প্ৰদান কৰি চৰকাৰী ধন আত্মসাত ৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত মৰিগাঁও চক্ৰ বিষয়া ৰ পৰা জানিব বিচৰাত প্ৰথমে তেওঁ অজ্ঞতা প্ৰকাশ কৰাহে পৰিলক্ষিত হয়। যি সময়ত মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে দৰিদ্ৰ লোক সকলক কোভিড পৰিস্থিতিৰ পৰা সকাহ দিয়াৰ অহৰহ প্ৰচেষ্টা চলাইছে সেই সময়তে এনে অনিয়মৰ অভিযোগে মৰিগাঁও জিলা প্ৰশাসনৰ দুৰ্বলতা প্ৰকট কৰিছে।

You might also like