নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিছে আজি খেলিবনে RCBৰ বিৰুদ্ধে, মুম্বাই শিবিৰত যোগ দিলে যশপ্রীত বুমৰাহে

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ প্রতীক্ষাৰ অন্ত পেলাই মুম্বাই ইণ্ডিয়ানছ শিবিৰত যোগ দিলে যশপ্রীত বুমৰাহে৷ ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মেডিকেল টীমৰ প্রতিবেদনত সন্তুষ্টি প্রকাশ কৰা হৈছে৷ ভাৰতীয় ক্রিকেট ব’র্ডেও তেওঁক খেলাৰ অনুমতি দিছে৷ আঘাতৰ পৰা সুস্থ হৈ উঠা বুমৰাহৰ এতিয়া মুম্বাইৰ হৈ আইপিএল খেলাত কোনো বাধা নাথাকিব৷ বিশ্বৰ অন্তম দ্রুতবেগী বলাৰগৰাকীৰ যোগদানৰ খবৰ সামাজিক মাধ্যমত সদৰী কৰিছে মুম্বাই ইণ্ডিয়ানছ কর্তৃপক্ষই৷ আজি বিৰাট কোহলিৰ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ মুখামুখি হ’ব মুম্বাই৷ দলৰ সৈতে যোগ দিলেও আজিৰ মেচখনত বুমৰাহৰ খেলাৰ সম্ভাৱনা নাই৷ তেওঁক লৈ খৰখেদা নকৰিবলৈ নির্দেশ দিছে বিচিচিআয়ে৷ বুমৰাহৰ ওপৰত সুকীয়া দৃষ্টি ৰখাৰো নির্দেশ দিছে মুম্বাই কর্তৃপক্ষক৷ অৱশ্যে বুমৰাহৰ যোগদানে হার্দিক পাণ্ডিয়াৰ দলৰ বলিং শক্তি যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে৷

You might also like