যশপ্রীত বুমৰাহ হৈছে বলিঙৰ ‘ডন ব্রেডমেন’
🔹 অষ্ট্রেলিয়াৰ প্রাক্তন খেলুৱৈ গিলখ্রীষ্টৰ মন্তব্য
নিউজ ডেস্ক, ৩ মে’ : আঘাতৰ পৰা উপশম লাভ কৰি চলিত আইপিএলত চমকপ্রদ প্রদর্শন দাঙি ধৰিছে ভাৰতৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে৷ চলিত আইপিএলৰ প্রথম চাৰিখন মেচত অংশগ্রহণ কৰিব নোৱাৰিলেও পৰৱর্তী মেচকেইখনত দুর্দান্ত প্রদর্শন দাঙি ধৰে আৰু বুমৰাহৰ প্রত্যাৱর্তনৰ পাছত মুম্বায়ে ৭খন খেলৰ ভিতৰত ৬খন খেলত জয়লাভ কৰিছে৷ বুমৰাহৰ এই প্রদর্শনত মুগ্ধ হৈ পৰিছে অষ্ট্রেলিয়াৰ প্রাক্তন বিস্ফোৰক অ’পেনাৰ আদাম গিলখ্রীষ্ট৷ ভাৰতীয় পেচ বলাৰগৰাকীক কিংবদন্তি ডন ব্রেডমেনৰ সৈতে তুলনা কৰিছে গিলখ্রীষ্টে৷ বুমৰাহক প্রশংসা কৰি গিলখ্রীষ্টে কয় যে তেওঁ সম্ভৱতঃ সর্বকালৰ শ্রেষ্ঠ দ্রুত বলাৰ৷ পৰিসংখ্যা আৰু পৰিস্থিতিৰ পৰা বিচাৰ কৰিলে এনেকুৱা লাগে৷ মই ভাবোঁ– তেওঁৰ পৰিসংখ্যা ছাৰ ডন ব্রেডমেনৰ পৰিসংখ্যাৰ সৈতে মিল আছে৷ ছাৰ ডন ব্রেডমেন তেওঁৰ সতীর্থসকলতকৈ বহু আগবাঢ়ি আছিল৷ মই ভাবোঁ– বুমৰাহৰ ক্ষেত্রতো একেই৷ তেওঁৰ বলিঙত বহু বৈচিত্র্য আছে৷ তেওঁৰ সতীর্থ আৰু বিশ্বৰ আন বলাৰতকৈ বহু আগবাঢ়ি আছে৷ ব্রেডমেনৰ সৈতে তুলনা কৰাটো তাৎপর্যপূর্ণ৷ অষ্ট্রেলিয়াৰ প্রাক্তন উইকেটকীপাৰ–বেটাৰগৰাকীয়ে দাবী কৰিছে যে বর্তমান সকলো ফর্মেটতে বুমৰাহ এক নম্বৰত আছে৷