অসভ্য দর্শকৰ বিৰুদ্ধে অভিযোগ টীম ইণ্ডিয়াৰঃ বুমৰাহ, ছিৰাজক বর্ণবৈষম্যমূলক মন্তব্য
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ মাটিত পুনৰ বর্ণবৈষম্যমূলক মন্তব্যৰ সন্মুখীন হ’ল ভাৰতীয় খেলুৱৈ৷ ছিডনীত চলি থকা তৃতীয় টেষ্টত ইণ্ডিয়াৰ তাৰকা বেগীবলাৰ যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজক একাংশ অষ্ট্রেলিয়ান দর্শকে বর্ণবৈষম্যমূলক মন্তব্যৰে অতিষ্ঠ কৰি তোলাৰ অভিযোগ উত্থাপন হৈছে৷ অষ্ট্রেলিয়াৰ দ্বিতীয় ইনিংছত বাউণ্ডেৰীৰ কাষত ফিল্ডিং কৰি থকা সময়ত বুমৰাহ আৰু ছিৰাজক একাংশ দর্শকে অশালীন গালি–গালাজ কৰাৰ লগতে বর্ণবৈষম্যমূলক মন্তব্যৰে অপমান কৰে৷ খেলুৱৈ দুগৰাকীয়ে বিষয়টো অধিনায়ক আজিংক্য ৰাহানেক অৱগত কৰে আৰু দিনটোৰ খেলৰ অন্তত বুমৰাহ আৰু ছিৰাজক লগত লৈ ৰাহানেই আম্পায়াৰৰ আগত অভিযোগ দাখিল কৰে৷ সেই সময়ত ৰবিচন্দ্রন অশ্বিনেও তেওঁলোকক সংগ দিয়া দেখা যায়৷ আম্পায়াৰ আৰু নিৰাপত্তাৰক্ষীৰ সৈতে খেলুৱৈসকলে প্রায় ৫ মিনিট সময় আলোচনা কৰে৷
ইফালে, বিচিচিআয়েও আই চি চি চিৰ ওচৰত এই ঘটনাৰ লিখিত অভিযোগ দাখিল কৰিছে৷ মন কৰিবলগীয়া যে ২০০৭ৰ অষ্ট্রেলিয়া ভ্রমণৰ সময়তো হৰভজন সিঙক লৈ বর্ণবৈষম্যমূলক মন্তব্য আগবঢ়োৱাৰ অভিযোগ উঠিছিল৷ এন্দ্রিউ ছাইমনছ আৰু হৰভজনৰ মাজত সৃষ্টি হোৱা বিতর্কই সেই সময়ত বিশ্ব ক্রিকেটক জোকাৰি গৈছিল৷