নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দহটা নিয়ম

কিছুদিনৰ আগতে এজন কিশোৰে মোলৈ এখন চিঠি লিখি এটা অনুৰোধ কৰিছিল– ‘ছাৰ, আপোনাৰ কিতাপ পঢ়ি জানিব পাৰিছোঁ যে এসময়ত আপোনাৰ স্বাস্থ্য খুব বেয়া আছিল৷ কিন্তু আপুনি দৃঢ় প্রতিজ্ঞ হৈ আৰু বহুত যত্ন কৰি নিজৰ ভগ্ণ স্বাস্থ্য মেৰামতি কৰিলে৷ যি মানুহে আনক উপদেশ দিয়াৰ আগতে স্বাস্থ্যৰ নীতি–নিয়মবোৰ নিজৰ জীৱনত সফলভাৱে প্রয়োগ কৰে একমাত্র তেনেকুৱা মানুহৰে আনক উপদেশ দিবলৈ অধিকাৰ আছে৷ আপোনাৰ আর্হি লৈ মই নিজৰ স্বাস্থ্যটো গঢ়িব খোজোঁ৷ সেই কাৰণেই মই সহজে বুজিব পৰাকৈ আৰু কামত লগাব পৰাকৈ স্বাস্থ্য গঢ়াৰ দহটামান সহজ নিয়ম মোক শিকাই দিব পাৰিবনে?’
কিশোৰজনৰ চিঠিখনৰ কথা মই মনে মনে কেইবাদিনো চিন্তা কৰিলোঁ৷ অৱশেষত তেওঁক ক’বলৈ স্বাস্থ্য গঢ়াৰ কেইটামান সহজ নিয়ম মই ভাবি উলিয়ালোঁ৷ অৱশ্যে মই তলত উল্লেখ কৰা কেইটামান নিয়ম স্বাস্থ্য বিষয়ক সাধাৰণ কিতাপত উল্লেখিত নহ’বও পাৰে৷ মই নিজে বহুতো কিতাপ পঢ়ি আহৰণ কৰা জ্ঞানৰ ভেটি আৰু নিজৰ অভিজ্ঞতাৰ ভেটিত এই নিয়মকেইটা ভাবি উলিয়াইছোঁ৷ আপোনালোকৰ বিবেচনাৰ কাৰণে নিয়মকেইটা তলত দিলোঁ–
১৷ মই ভাবোঁ যে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ’ল ইতিবাচক দৃষ্টিভংগী৷ সকলো কথাৰে ভাল আৰু বেয়া দিশ স্বাভাৱিকতে থাকে৷ ইতিবাচক দৃষ্টিভংগীৰ অর্থ হ’ল বেয়া দিশটোক আওকাণ কৰি ভাল দিশটোৰ ওপৰত সম্পূর্ণ মনোযোগ নিবদ্ধ কৰা৷ মানুহে ৰাতিপুৱা শুই উঠিয়েই এটা ইতিবাচক দৃষ্টিভংগীৰে দিনটো আৰম্ভ কৰিব লাগে৷ তেওঁ টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে মনে মনে ভাবিব লাগে যে আজিৰ দিনটো মই নানা সমস্যাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে, মোৰ আশাভংগ ঘটিব পাৰে, কাৰোবাৰ পৰা মই মানসিক আঘাত পাব লগা হ’ব পাৰে৷ কিন্তু মই এই কথা মনত ৰাখিব লাগিব যে দিন আৰু ৰাতিৰ দৰে ভাল আৰু বেয়া দুয়োটাকে লৈহে মানুহৰ জীৱন৷ দ্বিতীয়তে, সমস্যা নোহোৱা এটা জীৱন কল্পনাই কৰিব নোৱাৰি৷ আজিৰ দিনটোতো অনিবার্যভাৱে মোৰ জীৱনলৈ নানা সমস্যা আহিব পাৰে৷ নানা ব্যর্থতা আহিব পাৰে, মই বিচৰা মতে দিনটো সুকলমে নাযাব পাৰে, কিন্তু সেইবোৰ মানুহৰ জীৱনৰ অনিবার্য ঘটনা বুলি ধৰি লৈ মই মানসিক শান্তি আৰু ধৈর্য নেহেৰুৱাবলৈ চেষ্টা কৰি থাকিম৷ এইটোৱেই হ’ল ইতিবাচক দৃষ্টিভংগী৷ স্বাস্থ্য গঠনত ইতিবাচক দৃষ্টিভংগীয়ে এটা অতি গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ গৱেষণা আৰু পর্যবেক্ষণৰ দ্বাৰা প্রমাণিত হৈছে যে যিসকল লোকৰ জীৱনৰ প্রতি এটাও ইতিবাচক দৃষ্টিভংগী আছে, তেওঁলোকে যিকোনো ৰোগৰ পৰাই তুলনামূলকভাৱে সহজে আৰু সোনকালে আৰোগ্য লাভ কৰিব পাৰে৷
২৷ ৰাতিপুৱা শুই উঠিয়েই মানুহে মনে মনে এই বুলি সংকল্প ল’ব লাগে যে মই কেৱল আজিৰ দিনটোহে সম্পূর্ণভাৱে যাপন কৰিম আৰু আজিৰ দিনটোত কৰিবলগীয়া কামখিনিহে যথাসাধ্য নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰিম৷ কাইলৈ কি হ’ব বা কাইলৈ কি কৰিম সেই কথা মই এবাৰো নাভাবোঁ৷ মই পঢ়া বহুতো কিতাপত বহুতো জ্ঞানী লোকে দিয়া এই উপদেশ পঢ়িছোঁ যে জীৱনটো ভালকৈ যাপন কৰাৰ একমাত্র উত্তম অৱলম্বন হ’ল কেৱল আজিৰ দিনটোকে এটা সম্পূর্ণ জীৱন বুলি ধৰি লৈ সেই মতে জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰা৷ আধুনিক যুগৰ আটাইতকৈ বিখ্যাত আৰু শ্রদ্ধাভাজন চিকিৎসা বিজ্ঞানী আছিল উইলিয়াম ওছলাৰ৷ তেওঁ লিখা চিকিৎসা বিজ্ঞানৰ পাঠ্যপুথি প্রায় ৫০ বছৰ ধৰি সমগ্র পৃথিৱীতে চলিছিল আৰু তেওঁ লিখা পাঠ্যপুথি পঢ়িয়েই লাখ লাখ মানুহ ডাক্তৰ হৈছে৷ তেওঁৰ নিচিনা জ্ঞানী ডাক্তৰ দ্বিতীয় এজন এতিয়ালৈকে ওলোৱা নাই বুলিয়েই ক’ব পাৰি৷ এবাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ছাত্রসকলক সম্বোধন কৰি এটা বত্তৃণতা দিবলৈ তেওঁক নিমন্ত্রণ কৰা হৈছিল৷ তেওঁ দিয়া দীঘলীয়া বত্তৃণতাটোৰ সাৰাংশ আছিল এই যে মানুহে পাৰ হৈ যোৱা দিনটো আৰু আহিব ধৰা দিনটোৰ কথা মনলৈ নানি বর্তমানৰ দিনটোকে সম্পূর্ণ জীৱন বুলি জ্ঞান কৰি দিনটোৰ কাম–কাজ কৰিব লাগে৷
৩৷ মোৰ নিয়মৰ তালিকাত তিনি নম্বৰত স্থান পাইছে পৰিষ্কাৰ–পৰিচ্ছন্ন৷ যোৱা প্রায় ১০০ বছৰমানৰ ভিতৰত মানুহে আগৰ যুগৰ মানুহৰ তুলনাত পৰিষ্কাৰ–পৰিচ্ছন্ন মূল্য বেছিকৈ বুজিছে৷ সৌ সিদিনালৈকে সমস্ত পৃথিৱীৰ বেছিভাগ মানুহেই অজ্ঞতাৰ কাৰণে অপৰিষ্কাৰ হৈ থাকিছিল, মানুহে অণুবীক্ষণ যন্ত্র আৱিষ্কাৰ কৰাৰ আগলৈকে ৰোগৰ বীজাণুৱেই যে বেছিভাগ ৰোগৰ মূল কাৰণ সেই কথা নাজানিছিল, ফলত তেওঁলোকৰ শৰীৰ আছিল অপৰিষ্কাৰ, খাদ্য আৰু পানী আছিল অপৰিষ্কাৰ, পৰিৱেশ আছিল তাতোকৈ অপৰিষ্কাৰ, ফলত বিভিন্ন ৰোগে বেছিভাগ মানুহক অকালতে মাৰিছিল৷ আহাৰ খোৱাৰ আগতে হাত দুখন যে বীজাণুনাশক ঔষধেৰে ভালকৈ ধুই ল’ব লাগে, সেই কথা অতি শিক্ষিত মানুহেও জনা নাছিল৷ তাৰ পৰিণাম কিমান ভয়াৱহ হৈছিল, সেই কথা বুজাবলৈ কেৱল এই কথা ক’লেই যথেষ্ট হ’ব যে বিশ্ব স্বাস্থ্য সংস্থাই ‘বিশ্ব হাত ধোৱা দিৱস’ World Hand Washing Day) উদ্যাপন কৰিব লগা হৈছে৷ মানুহে পৰিষ্কাৰ হ’বলৈ শিকাৰ পিছতহে মানুহৰ আয়ুস দ্রুতগতিৰে বাঢ়িবলৈ ধৰিছে৷ সেই কাৰণে মই স্বাস্থ্য গঠনৰ নিয়মৰ তালিকাত পৰিষ্কাৰ–পৰিচ্ছন্ন অতি ওপৰত স্থান দিব খোজোঁ৷ কেৱল হাত দুখন চাবোনেৰে ভালকৈ ধুই বীজাণুমুক্ত কৰি ৰাখিলেই মানুহে ২০টামান ৰোগৰ পৰা নিস্তাৰ পাব পাৰে৷
৪৷ মানসিক প্রশান্তিয়ে স্বাস্থ্যৰক্ষাত আৰু স্বাস্থ্য গঠনত বহুত সহায় কৰে৷ প্রার্থনাৰ অর্থ ঈশ্বৰ বা দেৱ–দেৱীৰ কিবা অনুগ্রহ বিচৰা নহয়৷ সেই কাৰণে আনকি নাস্তিকেও প্রার্থনা কৰে আৰু সুফল পায়৷ প্রার্থনাৰ উদ্দেশ্য হোৱা উচিত তিনিটা – নিজতকৈ এটা উচ্চতৰ শক্তি আছে বুলি ধৰি লৈ সেই শক্তিৰ লগত নিজৰ মনৰ সংযোগ স্থাপন কৰা, মানসিক প্রশান্তি লাভ কৰা, নিজৰ অন্তৰৰ শক্তিক জাগ্রত কৰি আত্মবিশ্বাস অর্জন কৰা৷ ১৯৩২ চনত চিকিৎসা বিজ্ঞানৰ নোবেল প্রাইজ পোৱা ডাঃ এলেক্সিছ কেৰেলে লিখিছে যে প্রার্থনাৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ গভীৰ আৰু আন্তৰিক প্রার্থনাই আমাৰ শৰীৰৰ ভিতৰত যিবোৰ পৰিৱর্তন সংঘটিত কৰে, সেইবোৰ পৰিৱর্তন বৈজ্ঞানিকভাৱে জুখিব পাৰি আৰু প্রমাণ কৰিব পাৰি৷ মুঠতে মই ভাবোঁ যে এটা আন্তৰিক প্রার্থনাৰে দিনটো আৰম্ভ কৰিলে মানুহৰ জীৱনটো ক্রমান্বয়ে সুস্থ আৰু সুন্দৰ হৈ থাকিব৷
৫৷ সুস্বাস্থ্যৰ কাৰণে যিকেইটা বস্তুৰ দৰকাৰ আটাইতকৈ বেছি, সেইবোৰৰ ভিতৰত এটা হ’ল নিয়মিত শাৰীৰিক অংগ সঞ্চালন তথা ব্যায়াম৷ মানুহে এই কথা মানি ল’ব লাগিব যে আমাৰ শৰীৰৰ কাৰণে আহাৰৰ যিমান প্রয়োজন, পানীৰ যিমান প্রয়োজন, বায়ুৰ যিমান প্রয়োজন, ঠিক সিমানেই প্রয়োজন ব্যায়ামৰ৷’Lancet’ নামৰ বিশ্ববিখ্যাত বিজ্ঞান আলোচনীখনত অলপতে এই তথ্য প্রকাশ কৰা হৈছে যে সপ্তাহত মাত্র আঢ়ৈ ঘণ্টা ব্যায়াম কৰিলেও প্রতি বাৰটা মৃত্যুৰ ভিতৰত এটা মৃত্যুক প্রতিহত বা বিলম্বিত কৰিব পাৰি৷ সর্বসাধাৰণ মানুহৰ কাৰণে দুটা ব্যায়ামৰ ওপৰত বেছি গুৰুত্ব দিব পাৰি – দৈনিক আধাঘণ্টাকৈ সপ্তাহত পাঁচ দিন খোজকঢ়া, আৰু আধাঘণ্টা যোগাসন কৰা৷ এই দুয়োটা ব্যায়াম সলনাসলনি কৰি থাকিলেই সুস্বাস্থ্য নিশ্চিত বুলি ক’ব পাৰি৷ খোজ কাঢ়িবলৈ সুবিধা আৰু সময় নথকা মানুহে কেৱল যোগাসন কৰিয়েই ব্যায়ামৰ সকলোবোৰ সুফল লাভ কৰিব পাৰে৷ ডাক্তৰ ৰোনাল্ড হফমেনে তেওঁৰTired All The Time নামৰ বেষ্ট ছেলাৰ কিতাপত এই কথা লিখিছে যে নিয়মিতভাৱে যোগাসন কৰিয়েই ব্যায়ামৰ সকলো সুফল লাভ কৰিব পাৰি৷
৬৷ সকলো মানুহেই আহাৰ খায় কিন্তু সকলো মানুহে আহাৰ কেনেকৈ খাব লাগে সেই কথা নাজানে৷ শৰীৰৰ সকলো অংগৰ ভিতৰত পাকস্থলীটো এটা অতি স্পর্শকাতৰ অংগ৷ আনন্দ–বিষাদ, ক্লান্তি, উত্তেজনা এই সকলো কথাৰ প্রতি পাকস্থলীয়ে উগ্র প্রতিক্রিয়া প্রকাশ কৰে৷ উদাহৰণস্বৰূপে আপোনাৰ খুব ভোক লাগিছে আৰু খাবলৈ বহিছে, ঠিক সেই মুহূর্ততে যদি আপুনি কিবা এটা বেয়া খবৰ পায়, তেতিয়া মুহূর্ততে আপোনাৰ ভোক নোহোৱা হৈ যায়৷ আহাৰ খাবৰ সময়ত মনটো প্রশান্ত হৈ থাকিব লাগে৷ সেই প্রশান্তি লাভ কৰাৰ এটা প্রধান উপায় হ’ল খাবলৈ আৰম্ভ কৰাৰ আগতে মাত্র কেইটামান মুহূর্তৰ কাৰণে হ’লেও গভীৰভাৱে প্রার্থনা কৰা৷ কিছুদিনৰ আগতে আমেৰিকাৰ এখন বাতৰিকাকতত এনে এটা বিজ্ঞাপন ওলাইছিল যে খোৱাৰ আগতে প্রার্থনা কৰা মানুহক এটা বিশেষ পুৰস্কাৰ দিয়া হ’ব৷ দ্বিতীয়তে, অৱশ্য–পালনীয় নিয়ম হ’ল খোৱাৰ আগতে বীজাণুনাশক চাবোনেৰে হাতখন ভালকৈ ধুই লোৱা৷ কেৱল এই ক্ষুদ্র কামটো কৰিয়েই আপুনি বহুত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে৷ তৃতীয় গুৰুত্বপূর্ণ কথাটো হ’ল আহাৰ ভালকৈ চোবাই খোৱা৷ আধা চোবোৱা আহাৰ পেটলৈ পঠিয়ালে সেই আহাৰ সহজে হজম কৰিব নোৱাৰি আৰু শৰীৰে তাৰ পৰা সম্পূর্ণ পুষ্টি আদায় কৰিব নোৱাৰে৷ আহাৰ খোৱাৰ আটাইতকৈ সহজ নিয়মটো হ’ল এই যে আহাৰ চোবাই থাকোঁতে থাকোঁতে জিভাৰ পৰা ওলোৱা পাচক ৰসে তাক সম্পূর্ণ কোমল আৰু ৰসাল কৰি নেপেলোৱালৈকে সেই আহাৰ পেটলৈ পঠিয়াব নালাগে৷ ৯৭ বছৰ আয়ুস পোৱা আৰু গোটেই জীৱন সুস্বাস্থ্যৰ অধিকাৰী হৈ থকা মোৰাৰজী দেশায়ে কৈছিল যে মুখত থকা দুপাৰী দাঁতৰ দৰে পাকস্থলীত আমাৰ দাঁত নাথাকে৷ সেই কাৰণে মানুহে হজমৰ কথাটো মুখতেই সমাপ্ত কৰিব লাগে৷
৭৷ স্বাস্থ্যৰ কাৰণে যথেষ্ট পানী খোৱাৰ প্রয়োজন৷ পানী খালে শৰীৰৰ ৰক্তপ্রবাহে আহাৰৰ পুষ্টিকৰ পৰমাণুবোৰ গোটেই শৰীৰলৈ কঢ়িয়াই লৈ যাবলৈ সহজ হয়৷ পানীয়ে কিডনী পৰিষ্কাৰ কৰি ৰাখি কিডনীৰ নানাবিধ ৰোগৰ পৰা মানুহক ৰক্ষা কৰে৷ বহুত খনিজ দ্রব্য থকা পানী নিজেই এটা পুষ্টিকৰ আহাৰ৷ পানীয়ে ছালখন আর্দ্র আৰু নিমজ কৰি ৰাখে৷ পানী কিমান খাব লাগে সেই বিষয়ে মতভেদ আছে৷ কিন্তু বেছিভাগ চিকিৎসক ঐকমত্যত উপনীত হোৱা পৰিমাণটো হ’ল – দিনে ৬ গিলাচ তথা ডেৰ লিটাৰ পানী৷
৮৷ শৰীৰ সুস্থ আৰু বলিষ্ঠ কৰি ৰাখিবলৈ হাঁওফাঁও ভৰি যোৱাকৈ দীঘল আৰু গভীৰ উশাহ ল’ব লাগে আৰু নিশাহ এৰিব লাগে৷ এই কথাটো যে স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আৰু অপৰিহার্য সেই কথা বেছিভাগ মানুহেই বুজিবলৈ চেষ্টা নকৰে৷ ধ্যানৰো এটা মূল কথা হ’ল – গভীৰ নিশ্বাস–প্রশ্বাস৷ মানুহে সচেতনভাৱে গভীৰ নিশ্বাস–প্রশ্বাস ল’বলৈ চেষ্টা কৰিব লাগে৷ তাৰ ফলত গোটেই দিনটো শৰীৰৰ ভিতৰলৈ অম্লজানৰ যোগান নিয়মিত হৈ থাকে আৰু সি শৰীৰৰ প্রতিটো কোষক শক্তি দি থাকে৷
৯৷ ভাল টোপনি স্বাস্থ্যৰ কাৰণে যে কিমান দৰকাৰী সেই কথা খুব কম মানুহেহে উপলব্ধি কৰে৷ আপুনি কিমান ঘণ্টা শুইছে তাতকৈ বেছি গুৰুত্বপূর্ণ কথাটো হ’ল আপুনি কিমান গভীৰভাৱে টোপনি যাব পাৰিছে৷ জাপানী বিজ্ঞানীসকলে কৰা এটা সমীক্ষাৰ পৰা জনা গৈছে যে সমগ্র পৃথিৱীতে মানুহৰ টোপনি ক্রমান্বয়ে কমি আহিছে৷ আধুনিক জীৱনৰ অতিশয় কর্মব্যস্ততা আৰু প্রতিযোগিতাৰ উত্তেজনা তাৰ এটা প্রধান কাৰণ৷ কিন্তু সুখী আৰু শান্তিময় জীৱন যাপন কৰিব খোজা মানুহে নিদ্রাক দিবলগীয়া গুৰুত্বখিনি দিবই লাগিব৷ তাৰ অবিহনে অৱসাদ হ’ব মানুহৰ জীৱনৰ চিৰলগৰীয়া৷ বহলাই নকৈ থোৰতে এই কথা কৈ থোৱা উচিত হ’ব যে গভীৰ সুনিদ্রাৰ এটা প্রধান চর্ত হ’ল নির্মল বিবেক৷ যি মানুহে নিজে কৰা ভুল কামৰ বিবেকৰ দংশন অনুভৱ কৰি থাকে, তেওঁ কেতিয়াও ভালকৈ টোপনি যাব নোৱাৰে৷ মূৰত দুশ্চিন্তা আৰু দায়িত্বৰ বোজা লৈ বিছনাত পৰিলে ভাল টোপনি কেতিয়াও সম্ভৱ নহয়৷ একেষাৰে ক’বলৈ গ’লে নির্মল বিবেকেৰে বিছনাত পৰাটো হ’ল গভীৰ নিদ্রাৰ এটা প্রধান চর্ত৷
১০৷ পৰৰ উপকাৰৰ কাৰণে কৰা প্রতিটো চিন্তা বা প্রতিটো কামেই আপোনাৰ স্বাস্থ্য উন্নত কৰে৷ আন কথাত ক’বলৈ গ’লে পৰোপকাৰৰ চিন্তা বা কামেও আপোনাৰ স্বাস্থ্য ভালে ৰখাত এটা ডাঙৰ ভূমিকা লয়৷ কেনেকৈ? পৰোপকাৰৰ কাৰণে কৰা প্রতিটো কাম বা চিন্তাই আপোনাৰ শৰীৰত এণ্ডৰফিন Endorphin) নামৰ এবিধ হৰম’ন সৃষ্টি কৰে৷ এইবিধ হৰম’নে মানুহৰ শৰীৰত আৰু মনত সুখানুভূতিৰ সৃষ্টি কৰে৷ স্বাস্থ্যৰ ওপৰতো তাৰ ইতিবাচক প্রভাৱ পৰে৷ একে আষাৰে ক’বলৈ গ’লে পৰোপকাৰৰ কাৰণে কৰা কাম বা চিন্তাও স্বাস্থ্য ভাল কৰাত সহায়ক হয়৷

You might also like