টীম ইণ্ডিয়াৰ বাবে সুখবৰ : বলিং অনুশীলন আৰম্ভ যশপ্ৰীত বুমৰাহৰ
নিউজ ডেস্ক, ১ মাৰ্চ : চেম্পিয়নছ ট্রফীৰ মাজতে টীম ইণ্ডিয়াৰ শিবিৰলৈ সুখবৰ৷ বলিং অনুশীলন আৰম্ভ কৰিছে যশপ্রীত বুমৰাহে৷ ভাৰতীয় স্পীডষ্টাৰগৰাকীয়ে বেংগালুৰুৰ নেচনেল ক্রিকেট একাডেমীত বলিং অনুশীলন আৰম্ভ কৰিছে৷ ছিডনী টেষ্টত আঘাতৰ পিছত বুমৰাহক প্রথমবাৰৰ বাবে বলিং কৰা দেখা গৈছে৷ এই আঘাতৰ বাবে বুমৰাহে চেম্পিয়নছ ট্ৰফীত অংশ লোৱাৰ পৰা বিৰত আছে৷ তাৰকা পেচ বলাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াতো তেওঁৰ বলিং অনুশীলনৰ ছবি পোষ্ট কৰিছে৷ আগন্তুক আইপিএলৰ পূর্বে সম্পূর্ণৰূপে সুস্থ হৈ উঠাটো বুমৰাহৰ প্রধান লক্ষ্য৷ সকলো ঠিকে থাকিলে প্রথমখন মেচৰ পৰাই খেলপথাৰ ল’ব পাৰিব তাৰকা পেচ বলাৰগৰাকীয়ে৷