নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিলিয়ান এমবাপেৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ অক্টোবৰঃ কিলিয়ান এমবাপেৰ সমস্যা বাঢ়িছে৷ আঘাতৰ অজুহাতত দেশৰ হৈ খেলিব নোৱাৰাৰ অভিযোগ৷ ইয়াৰ উপৰি ফৰাচী ফুটবলাৰগৰাকীৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগো উত্থাপন হৈছে৷ অৱশ্যে এমবাপেয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত ধর্ষণৰ অভিযোগ মিছা বুলি দাবী কৰিছে৷ আঘাতৰ বাবে ইজৰাইলৰ বিৰুদ্ধে নেচনছ লীগত অংশ লোৱাৰ পৰা বিৰত আছিল এমবাপে৷ অৱশ্যে উক্ত মেচখনৰ সেই নিশা তেওঁক ছুইডেনৰ এখন ৰেষ্টুৰেণ্টত দেখা গৈছিল৷ তাত দেখা গৈছিল এমবাপেক মাস্ক পিন্ধা কেইজনমান লোকৰ সৈতে৷ ইয়াৰ পিছতে আৰম্ভ হয় বিতর্ক৷ এমবাপেৰ এই কার্যত বিচলিত হৈ পৰিছে দেশখনৰ একাংশ অনুৰাগী৷ তেওঁলোকৰ মতে, এমবাপে ৰিয়েল মাদ্রিদৰ হৈ খেলি আছে৷ তাত তেওঁৰ কোনো সমস্যা নাই৷ কিন্তু দেশৰ হৈ খেলাৰ হেঁপাহ হেৰুৱাইছে নেকি? এনে অৱস্থাত বহুতে লিঅ’নেল মেছি আৰু ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ আদর্শ দাঙি ধৰিছে৷ তেওঁলোকৰ মতে, ইমান বছৰ ফুটবলৰ শিখৰত থকাৰ পিছতো দেশৰ হৈ খেলাৰ প্রতি মেছি আৰু ৰ’নাল্ডোৰ আগ্রহ কমি যোৱা নাই৷ এতিয়াও তেওঁলোকে দেশৰ হৈ ট্ৰফী জয় কৰিবলৈ নিজৰ ১০০ শতাংশ উজাৰি দিয়ে৷ যদি এমবাপে তেওঁলোকৰ শাৰীত যোগদান কৰিব বিচাৰে তেন্তে তেওঁ আৰু বহু বছৰ নিজৰ দেশৰ হৈ ভাল খেলিব লাগিব৷ এই বিতর্কৰ মাজতে এমবাপেৰ আন এটা সমস্যা৷ ষ্ট’কহোমত সংঘটিত ধর্ষণ কাণ্ডৰ লগত জড়িত হৈছে তেওঁৰ নাম৷ শেহতীয়াকৈ এমবাপে ফ্রান্সৰ লীগ কমিটীৰ শুনানিলৈ গৈছিল৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ধর্ষণৰ গোচৰত এমবাপেক মাতি অনা হৈছিল৷ এমবাপেই এই অভিযোগ খাৰিজ কৰে৷ ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘সকলো ভুৱা বাতৰি৷ পেৰিছ ছেইণ্ট জার্মেইনত মোৰ দৰমহা পাবলৈ বাকী আছে৷ সেইটোৱেই কথা ক’বলৈ গৈছিলোঁ৷’ কিন্তু এই সকলো ঘটনাত ফ্রান্সৰ ফুটবল দলৰ ঘৰৰ ভিতৰৰ পৰিৱেশৰ অৱনতি ঘটিছে বুলি প্রশিক্ষক ডিডিয়েৰ ডেশ্বাম্পছে কয়৷ তেওঁ কয়, যিকোনো ব্যক্তিয়ে যি বিচাৰে লিখিব পাৰে৷ কিন্তু দলৰ ভিতৰৰ পৰিৱেশ বিনষ্ট কৰিব পৰাকৈ একো লিখা উচিত নহয়৷ এমবাপৰ নামত ধর্ষণৰ অভিযোগে আমাৰ দলৰ পৰিৱেশ বিনষ্ট কৰিছে৷ এই বিতর্ক যিমান পাৰি সোনকালে শেষ হ’ব লাগে৷’

You might also like