ক্রিকেট পুনৰ আৰম্ভ হ’লে, কি ঘটিব একো ধৰিব পৰা নাই- কোহলি
নিয়মীয়া বার্তা, ১ জুনঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে নেতৃত্বৰ দায়িত্ব লাভৰ ক্ষেত্রত প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ এই কথা স্বয়ং স্বীকাৰ কৰিছে অধিনায়ক কোহলিয়ে৷
জনপ্রিয় ছ’চিয়েল মিডিয়া ছাইট ইনষ্টাগ্রামত ভাৰতৰ তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনৰ সৈতে হোৱা বার্তালাপত তাৰকাগৰাকীয়ে কয় যে ধোনীৰ বাবেই তেওঁ ভাৰতীয় দলৰ নেতৃত্ব লাভ কৰিছিল৷ ‘ভাৰতীয় দলত স্থান পোৱাৰ দিনৰে পৰা মই নতুন নতুন কথা শিকাৰ প্রতি আগ্রহী আছিলোঁ৷ খেলপথাৰত মই সদায় ধোনীক অনুসৰণ কৰিছিলোঁ৷ প্রথম শ্লিপত তেওঁৰ কাষতে ফিল্ডিং কৰাৰ সুযোগে মোক ধোনীৰ প্রতি অধিক আকর্ষিত কৰিছিল৷ উইকেটৰ পাছ ফালৰ পৰা তেওঁ কিদৰে খেলৰ গতি নিয়ন্ত্রণ কৰিছিল সেয়া মই ভালদৰে উপলব্ধি কৰিব পাৰিছিলোঁ৷ আৰম্ভণিৰে পৰা তেওঁ মোৰ সৈতে সকলো কথা আলোচনা কৰিছিল আৰু সেইদৰে মই ধোনীৰ পৰা নেতৃত্বৰ বহুতো কথা জানিব পাৰিছিলোঁ৷’ কোহলিয়ে এইদৰে কয়৷
ধোনীয়ে পূর্বৰে পৰা তেওঁক নেতৃত্বৰ বাবে মানসিকভাৱে সাজু থাকিবলৈ পৰামর্শ আগবঢ়াইছিল বুলিও তাৰকা বেটছমেনগৰাকীয়ে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে মহেন্দ্র সিং ধোনীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণৰ পিছতে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে কোহলিক টেষ্ট দলৰ নিয়মীয়া অধিনায়ক হিচাপে নিযুক্তি দিছিল৷ ইয়াৰ পিছত তেওঁ এদিনীয়া দলৰো অধিনায়কৰ দায়িত্ব লাভ কৰে৷
ইফালে, ৰবিচন্দ্রন অশ্বিনৰ সৈতে হোৱা কথোপকথনত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে কয় যে মহামাৰীৰ আতংক দূৰ হোৱাৰ পিছত ক্রিকেট পুনৰ আৰম্ভ হ’লে খেলপথাৰৰ পৰিৱেশ কি ধৰণৰ হয়, সেয়া তেওঁ এতিয়াই একো অনুভৱ কৰিব পৰা নাই৷ ‘ক্রিকেটৰ পথাৰত তেওঁ সামাজিক দূৰত্ব বর্তাই ৰখাটো অত্যন্ত কঠিন হ’ব৷ অনুশীলনৰ সময়ত আমি সদায় ইজনে–সিজনৰ সৈতে মিলাপ্রীতিৰে প্রস্তুতি চলাওঁ৷ কৰমর্দন আৰু ইজনে–সিজনক সাবটি ধৰাটো আমাৰ এক নিয়মীয়া অভ্যাসত পৰিণত হৈছে৷ এই অভ্যাসৰ পৰা আঁতৰি থকাটো সম্ভৱ হ’ব জানো?’ কোহলিয়ে এইদৰে কয়৷ উল্লেখ্য যে আই চি চিয়ে যোৱা সপ্তাহত ক্রিকেটাৰৰ বাবে বিশেষ নীতি–নির্দেশনা জাৰি কৰিছিল৷