নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাসৰুদ্ধ ডাবল ছুপাৰ অ’ভাৰত মুম্বাইক হৰুৱালে কিংছ একাদশ পঞ্জাবে

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ ছুপাৰ ছানডে’ৰ দ্বিতীয়খন শ্বাসৰুদ্ধকৰ মেচত ডাবল ছুপাৰ অ’ভাৰত মুম্বাই ইণ্ডিয়ানছক হৰুৱালে কিংছ একাদশ পঞ্জাবে৷ দ্বিতীয়টো ছুপাৰ অ’ভাৰত মুম্বায়ে এটা উইকেট হেৰুৱাই ১১ ৰান কৰাৰ বিপৰীতে পঞ্জাবে ৪টা বলত কোনো উইকেট নেহেৰুৱাকৈ বিজয়ৰ লক্ষ্যত উপনীত হয়৷

মন কৰিবলগীয়া যে মেচখন প্রথম ছুপাৰ অ’ভাৰতো টাই হৈছিল৷ প্রথম ছুপাৰ অ’ভাৰত পঞ্জাবে দুটা উইকেট হেৰুৱাই ৫ ৰান কৰাৰ বিপৰীতে মুম্বায়েও দুটা উইকেট হেৰুৱাই ৫ ৰান কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও কুইণ্টন ডি ককৰ অর্ধশতক তথা কিৰণ পোলার্ড আৰু ক’ল্টাৰ নাইলৰ বিস্ফোৰক বেটিঙৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ১৭৬ ৰান কৰে৷ ডি ককে ৫৩ ৰানৰ দর্শনীয় ইনিংছ খেলাৰ লগতে কুণাল পাণ্ডিয়াই ৩৪ ৰান কৰে৷

শেষৰ পিনে পোলার্ডে ১২টা বলত এটা চাৰি আৰু চাৰিটা ছয়েৰে ৩৪ ৰান কৰি অপৰাজিত হৈ থকাৰ লগতে ক’ল্টাৰ নাইল ১২টা বলত চাৰিটা চাৰিৰে ২৪ ৰান কৰি অপৰাজিত হৈ থাকে৷ ১৭৭ ৰানৰ জয়ৰ লক্ষ্যৰে বেটিং কৰিবলৈ আহি অ’পেনাৰ লোকেশ ৰাহুল অনবদ্য ৭৭ ৰানৰ সহায়ত পঞ্জাবে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৬ ৰান কৰাত মেচখন টাই হৈছিল৷

You might also like